বকোত বন বিভাগৰ গুলীবৰ্ষণত মাতৃ আহত আৰু নিহত কন্যা

দুৰ্ভাগ্যবশতঃ এই গুলীয়ে আকস্মিক ভাৱে নিক্ষেপ কৰিলে দুই মাতৃ আৰু কন্যাক
বকোত বন বিভাগৰ গুলীবৰ্ষণত মাতৃ আহত আৰু নিহত কন্যা
Published on

যোৱা শুকুৰবাৰে বন বিভাগৰ গুলী বৰ্ষণৰ ফল স্বৰূপে অসমৰ বকোৰ, বন্দাপাৰা চেখাদাৰি অঞ্চলত গুৰুতৰ ভাবে আহত হৈছে এগৰাকী মাতৃ আৰু নিহত হৈছে তেওঁৰ কন্যা।

খবৰ অনুসৰি কিছু বনৰীয়া হাতীক সেই স্থানৰ পৰা প্ৰস্থান কৰোৱাৰ হেতু গুলীবৰ্ষণ কৰিছিল বন কৰ্মী সকলে। কিন্তু দুৰ্ভাগ্যবশতঃ এই গুলীয়ে আকস্মিক ভাৱে নিক্ষেপ কৰিলে দুই মাতৃ আৰু কন্যাক, যাৰ ফলত কৰুণ মৃত্যুক সাৱটিব লগীয়া হয় কন্যা সন্তান গৰাকীয়ে।

প্ৰাৰম্ভিক তথ্য অনুসৰি গুলীৰে আঘাট কৰাৰ লগে লগেই প্ৰাণ বায়ু উৰি গৈছিল নিষ্পাপ কন্যা গৰাকীৰ। আৰু পৰবৰ্তী সময়ত একে কথাতেই সদৰি প্ৰকাশ কৰে বকো চিকিৎসালয়ৰ চিকিৎসক সকলে। চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতেই কন্যা গৰাকীক মৃতক হিচাপে ঘোষণা কৰে চিকিৎসকে।

অন্যহাতে বন কর্মীৰ গুলি চালনাত গুৰুতৰ ভাৱে আহত হৈছে মৃতক কন্যা গৰাকীৰ মাতৃ। তেওঁৰ নাম মালাবিকা দৈমাৰী। জানিবলৈ পোৱা মতে বন কৰ্মৰ গুলিৰে আঘাট কৰিছে মহিলা গৰাকীৰ ডিঙিৰ অংশ, আৰু বৰ্তমান তেওঁৰ অৱস্থা অতিকৈ সংকটজনক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com