মধ্য প্ৰদেশ: ইন্দোৰত নৱজাতকক ৫.৫ লাখ টকাত বিক্ৰী কৰি মাতৃ গ্ৰেপ্তাৰ

এই ঘটনা পোহৰলৈ আহিছিল যেতিয়া এজন সমাজকৰ্মীয়ে আৰক্ষীত অভিযোগ দাখিল কৰে
মধ্য প্ৰদেশ: ইন্দোৰত নৱজাতকক ৫.৫ লাখ টকাত বিক্ৰী কৰি মাতৃ গ্ৰেপ্তাৰ
Published on

ইন্দোৰঃ বুধবাৰে মধ্য প্ৰদেশৰ ইন্দোৰ জিলাত এগৰাকী মাতৃয়ে তেওঁৰ নৱজাতক সন্তানক বিক্ৰী কৰে ৫.৫ লাখ টকাত।

খবৰ অনুসৰি, তেওঁ দালালৰ জৰিয়তে এটি ১৫ দিনীয়া নিৰীহ শিশুক চাৰে পাঁচ লাখ টকাত বিক্ৰী কৰিছিল।

এই ঘটনা পোহৰলৈ আহিছিল যেতিয়া এজন সমাজকৰ্মীয়ে আৰক্ষীত অভিযোগ দাখিল কৰে যাৰ পিছত আৰক্ষীয়ে ৮ জন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল যাৰ ভিতৰত ৬ জন লোকক বৰ্তমান কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

অৱশ্যে, গোচৰটোৰ দুজন এতিয়াও পলাতক হৈ আছে।

আৰক্ষীৰ মতে, শিশুটো ছাইনা বি-ৰ যি দ্বিতীয়বাৰৰ বাবে চহৰখনৰ গৌৰী নগৰৰ বাসিন্দা অন্তৰ সিং ওৰফে বিশালৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। যেতিয়া ছাইনা গৰ্ভৱতী হৈছিল, অন্তৰ সিঙে শিশুটোক গৰ্ভপাত কৰাব বিচাৰিছিল কিন্তু সেয়া হ'ব নোৱাৰিলে। ইয়াৰ পিছত, সিঙে শিশুটো বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল।

পৰব্ৰতী সময়ত, যেতিয়া শিশুটোৰ জন্ম হৈছিল, তাক ১৫ দিনৰ ভিতৰত দেৱাচৰ বাসিন্দা লীনাক দালালৰ জৰিয়তে ৫.৫ লাখ টকাত বিক্ৰী কৰা হৈছিল আৰু আৰক্ষীয়ে এই ঘটনাৰ দুমাহ পিছত ইয়াৰ বিষয়ে জানিব পাৰিছিল।

আৰক্ষীয়ে শিশুটো বিক্ৰী কৰা শিশুটোৰ মাতৃ ছাইনা, লীনা আৰু আন চাৰিজন - নেহা সূৰ্যবংশী, পূজা বাৰ্মা, নেহা বাৰ্মা আৰু নীলম বাৰ্মাক গ্ৰেপ্তাৰ কৰে যি ছাইনাক তেওঁৰ সন্তান বিক্ৰী কৰাত সহায় কৰাত জড়িত আছিল।

তেওঁলোকৰ বিৰুদ্ধে মানৱ সৰবৰাহৰ এটা গোচৰ ৰুজু কৰা হৈছিল। ছাইনাৰ স্বামী অন্তৰ সিং বৰ্তমান পলাতক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com