নিজেই কাৰ্যালয়ৰ প্ৰস্ৰাৱগাৰ পৰিষ্কাৰ কৰিলে মধ্য প্ৰদেশৰ মন্ত্ৰীয়ে

কৰ্মচাৰীসকলৰ পৰা এনে অভিযোগ শুনি শুনি অৱশেষত মন্ত্ৰীজনে নিজেই কাৰ্যালয়ৰ প্ৰস্ৰাবগাৰ-শৌচাগাৰ পৰিষ্কাৰ কৰে।
নিজেই কাৰ্যালয়ৰ প্ৰস্ৰাৱগাৰ পৰিষ্কাৰ কৰিলে মধ্য প্ৰদেশৰ মন্ত্ৰীয়ে

চাফাই কৰ্মীলৈ অপেক্ষা নকৰি নিজেই কাৰ্যালয়ৰ প্ৰস্ৰাবগাৰ সাৰি-মুচি পৰিষ্কাৰ কৰিলে মধ্য প্ৰদেশৰ এজন মন্ত্ৰীয়ে। প্ৰাপ্ত তথ্য অনুসৰি মধ্য প্ৰদেশৰ শক্তি মন্ত্ৰী প্ৰদ্যুন্ম সিং তোমৰে যোৱা শুকুৰবাৰে নিজেই চৰকাৰী কাৰ্যালয় কক্ষৰ শৌচাগাৰ-প্ৰস্ৰাবগাৰ সাৰি-মুচি পৰিষ্কাৰ কৰে। সাধাৰণতে ক্ষমতাশীল ৰাজনীতিকে সাধাৰণ কাম বা নিজেই কৰিবপৰা কামো নকৰে বুলি বহুজনে চৰ্চা কৰে। আনকি বহু জনপ্ৰতিনিধি সাধাৰণ লোকৰ সমস্যাৰ প্ৰতি উদাসীন বুলিও সততে বহুতে অভিযোগ উত্থাপন কৰে।

এনে সময়তে যেন এক নজিৰ স্থাপন কৰিলে মন্ত্ৰী তোমৰে। আন বহুতৰ দৰে তেওঁ চাফাই কৰ্মীলৈ অপেক্ষা নকৰি নিজেই কাৰ্যালয় কক্ষৰ শৌচাগাৰ-প্ৰস্ৰাবগাৰ পৰিষ্কাৰ কৰে। পাছত এই কথা ফটোসহ সামাজিক মাধ্যমত প্ৰচাৰ হয়। ইয়াৰ লগে লগে বহু লোকে মন্ত্ৰীজনক ভূয়সী প্ৰশংসা কৰে। লক্ষ্যণীয় যে তেওঁৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে প্ৰস্ৰাবগাৰ অপৰিষ্কাৰ হৈ পৰিছে বুলি ক্ষোভ প্ৰকাশ কৰি আছিল। কৰ্মচাৰীসকলৰ পৰা এনে অভিযোগ শুনি শুনি অৱশেষত মন্ত্ৰীজনে নিজেই কাৰ্যালয়ৰ প্ৰস্ৰাবগাৰ-শৌচাগাৰ পৰিষ্কাৰ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com