নগাই সহাৱস্থান কৰিব, কিন্তু ভাৰতৰ সৈতে চামিল নহয়ঃ মুইভাৰ মন্তব্য

তেওঁ আৰু কয় যে ফ্ৰেম ৱৰ্ক এগ্ৰিমেণ্ট অনুসৰি নগাসকলে সাৰ্বভৌমত্ব ক্ষমতাৰ ভাগ-বটোৱাৰা কৰি ভাৰতৰ সৈতে সহাৱস্থান কৰিব।
নগাই সহাৱস্থান কৰিব, কিন্তু ভাৰতৰ সৈতে চামিল নহয়ঃ মুইভাৰ মন্তব্য
Published on

'নগাসকলে সহাৱস্থান কৰিব, কিন্তু ভাৰতৰ সৈতে চামিল নহয়,"কাইলৈৰ দেশৰ স্বাধীনতা দিৱসৰ প্ৰাক-মূহূৰ্তত এই মন্তব্য কৰিছে এন এছ চি এন(আই—ম)-ৰ মুৰব্বী থুইংগলেং মুইভাই। এন এছ চি এন(আই-এম)-ৰ সাধাৰণ সম্পাদক মুইভাই লগতে দাবী কৰে যে ২০১৫-ত ফ্ৰেম-ৱৰ্ক এগ্ৰিমেণ্ট স্বাক্ষৰৰ সময়ত কেন্দ্ৰই নগাসকলৰ সাৰ্বভৌমত্বক স্বীকৃতি দিছিল।

তেওঁ আৰু কয় যে ফ্ৰেম ৱৰ্ক এগ্ৰিমেণ্ট অনুসৰি নগাসকলে সাৰ্বভৌমত্ব ক্ষমতাৰ ভাগ-বটোৱাৰা কৰি ভাৰতৰ সৈতে সহাৱস্থান কৰিব। ভাৰতৰ সৈতে চামিল নহয় বুলি যুদ্ধবিৰত উগ্ৰপন্থী সংগঠনটোৰ মুৰব্বীজনে স্পষ্ট কৰি দিয়ে। তেওঁ এইবুলিও সকীয়াই দিয়ে যে ভাৰতীয় জাপি দিয়াটো নগাসকলে গ্ৰহণ নকৰে। উল্লেখ্য যে নগা শান্তি চু্ক্তি প্ৰক্ৰিয়াৰ মধ্যস্থতাকাৰীৰ দায়িত্বৰ পৰা নগালেণ্ডৰ ৰাজ্যপাল তথা পূৰ্বৰ শীৰ্ষ চোৰাংচোৱা বিষয়া আৰ এন ৰবিক আঁতৰ কৰাৰ দাবী নগালেণ্ডত উত্থাপন হৈছে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com