১৫ আগষ্টৰ ভিতৰত নগা বিদ্ৰোহী সংগঠনৰে কেন্দ্ৰৰ চূড়ান্ত বুজাবুজি !

১৫ আগষ্টৰ ভিতৰত নগা বিদ্ৰোহী সংগঠনৰে কেন্দ্ৰৰ চূড়ান্ত বুজাবুজি !

এই আলোচনাত অসম আৰু মণিপুৰৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ।
Published on

দীৰ্ঘকালজোৰা নগা বিদ্ৰোহী সমস্যা অন্ত পৰাৰ সম্ভাৱনা সম্প্ৰতি প্ৰকট হৈছে। শেহতীয়াকৈ হোৱা চৰ্চা অনুসৰি এইবাৰৰ স্বাধীনতা দিৱস তথা অহা ১৫ আগষ্টৰ ভিতৰত কেন্দ্ৰই নগা বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিব। প্ৰাপ্ত তথ্য অনুসৰি কেন্দ্ৰই শান্তি চুক্তি স্বাক্ষৰৰ বাবে এন এছ চি এন(আই-এম)ৰ প্ৰতিনিধিক আমন্ত্ৰণ জনাইছে। শুকুৰবাৰে এন এছ চি এন(আই-এম)ৰ প্ৰতিনিধিবৰ্গৰ সৈতে শান্তি চুক্তি সম্পৰ্কত কেন্দ্ৰই অন্তিম পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে।

এই আলোচনাত অসম আৰু মণিপুৰৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ। উল্লেখ্য যে এন এছ চি এন(আই-এম)-এ উত্তৰ-পূবৰ নগা বসতিস্থলসমূহক সামৰি বৃহত্তৰ নাগালিম গঠনৰ দাবী উত্থাপন কৰি আহিছে। ইয়াক লৈ মাজে-সময়ে অসম আৰু মণিপুৰত কেতবোৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com