Begin typing your search above and press return to search.

অসমত আবদ্ধ হৈ থকা বাহিৰৰ ৰাজ্যৰ লোকৰ বাবে আৰম্ভ হৈছে পঞ্জীয়ন

lockdown

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2020 10:40 AM GMT

অসমত আবদ্ধ হৈ থকা বাহিৰৰ ৰাজ্যৰ লোকৰ বাবে আৰম্ভ হৈছে পঞ্জীয়ন

দেশত ক'ৰ'না ভাইৰাছৰ ভয়ানক পৰিস্থিতিৰ বাবে আৰোপ কৰা হয় লকডাউন । তৃতীয় পৰ্যায়ৰ লকডাউন অহা ১৭ মে' লৈ চলিব । এই সময়চোৱাত বাহিৰৰ ৰাজ্যৰ বহু লোক অসমত আবদ্ধ হৈ আছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। যদি কোনো লোকে নিজববীয়াকৈ ব্যৱস্থা কৰি নিজৰ ঘৰলৈ যাব বিচাৰে তেন্তে তেওঁলোকে পঞ্জীয়ন কৰিব পাৰে ।

বৰ্তমানলৈ কোনো ৰাজ্যই অসমত আবদ্ধ লোকৰ বাবে ট্ৰেইনৰ প্ৰয়োজনীয়তাৰ কথা কোৱা নাই ।

ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষীয়ে আবদ্ধ লোকসকলক ই-মেইল আৰু ৱাটচাপৰ দ্বাৰা তথ্য প্ৰেৰণ কৰিবলৈ কৈছে ।

প্ৰত্যেক ব্যক্তিয়ে কোভিড -১৯ ৰ ওপৰত চাৰ্টিফিকেট লাভ কৰিব লগতে ৰাজ্য এৰাৰ অনুমতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হব ।

বাহিৰৰ বিভিন্ন ৰাজ্যৰ প্ৰায় ৫ লাখ শ্ৰমিক অসমৰ বিভিন্ন স্থানত কৰ্মৰত অৱস্থাত আছে। ইয়াৰে প্ৰায় সংখ্যক লোক উত্তৰ প্ৰদেশ আৰু বিহাৰৰ ।‌কিন্তু তাৰ বেছি ভাগ লোক উভতি যোৱাৰ আকাংক্ষা নাই কিয়নো তাৰ প্ৰায় সংখ্যক লোক ট্ৰাকৰ পৰা খাদ্য সামগ্ৰী নমোৱা , ট্ৰেইনৰ পৰা চিমেণ্ট নমোৱা আদি কৰ্মৰত অৱস্থাত আছে ।

অসম আৰক্ষীৰ এ‌ ডি জি পি হৰমিট সিঙে কয় যে বাহিৰা ৰাজ্যৰ বহু লোক অসমত আবদ্ধ হৈ আছে তেওঁলোকৰ কিছু সংখ্যক ঘৰলৈ যাব বিচাৰিছে কিন্তু এতিয়া সকলো কাম কাজ আৰম্ভ হৈছে , গতিকে কিয় এৰিব লাগে?

অৱশ্যে বিহাৰ আৰু পঞ্জাৱ আৰক্ষীয়ে অসম আৰক্ষীৰ লগত যোগাযোগ কৰি এই লোক সকলক উভতাই নিয়াৰ উপায়ৰ কথা চিন্তা কৰিছে ।


অন্য খবৰৰ বাবে পঢ়ক: গাড়ী কিনিবলৈ ঘৰৰ পৰা ওলাই আহিল ৫ বছৰীয়া শিশু

ভিডিঅ প্ৰতক্ষ্য কৰক: Live: Tarun Gogoi in an exclusive conversation with Oineetom Ojah only on Sentinel Assam


Next Story