ড্ৰাগছঃ দীপিকাসহ বলিউডৰ তিনি মহাতাৰকাক জেৰা

ড্ৰাগছঃ দীপিকাসহ বলিউডৰ তিনি মহাতাৰকাক জেৰা

দুটা স্থানত তিনিওগৰাকীক তদন্তকাৰী সংস্থাই জেৰা কৰিব।

ড্ৰাগছজনিত অপৰাধৰ গোচৰত সাঙোৰ খাই পৰা বলিউডৰ তিনিগৰাকী জনপ্ৰিয় অভিনেত্ৰী অৱশেষত জেৰাৰ সন্মুখীন হৈছে। তদন্তকাৰী সংস্থা নাৰ্কোটিকছ কন্ট্ৰল ব্যুৰৱে আজি জেৰাৰ বাবে জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাড়ুকন, ছাৰা আলী খান আৰু শ্ৰদ্ধা কাপুৰক তলব কৰে। দুটা স্থানত তিনিওগৰাকীক তদন্তকাৰী সংস্থাই জেৰা কৰিব। তদুপৰি অভিনেত্ৰী দীপিকাৰ মেনেজাৰ কৰিশ্মা প্ৰকাশকো দ্বিতীয় দিনৰ বাবে জেৰা কৰিব। দীপিকাক আজি পুৱা ১০ বজাৰ পৰা জেৰা কৰা হৈছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com