নতুন শিক্ষানীতিয়ে ভাৰতক জ্ঞান-কেন্দ্ৰত পৰিণত কৰিবঃ ৰাষ্ট্ৰপতি

উল্লেখ্য যে দেশত চাৰিশ ৰাজ্যিক বিশ্ববিদ্যালয় আছে আৰু এইসমূহৰ প্ৰায় ৪০হেজাৰ অনুমোদিত কলেজ আছে ৷
নতুন শিক্ষানীতিয়ে ভাৰতক জ্ঞান-কেন্দ্ৰত পৰিণত কৰিবঃ ৰাষ্ট্ৰপতি

নতুন শিক্ষানীতি-২০২০-এ ভাৰতক জ্ঞান-কেন্দ্ৰ (নলেজ হাব)-ত পৰিণত কৰিব ৷ এই মন্তব্য দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ ক'ৱিন্দৰ ৷ সোমবাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ এক দিনজোৰা ভাৰ্চুৱেল আলোচনা অনুষ্ঠিত হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সকলো ৰাজ্যৰ ৰাজ্যপালসকল, কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ উপ-ৰাজ্যপালসকল, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক আদিয়ে অংশগ্ৰহণ কৰা আলোচনাত ৰাষ্ট্ৰপতি ক'ৱিন্দই দেশৰ নতুন শিক্ষানীতিক উচ্চ প্ৰশংসা কৰি কয় যে এক সামঞ্জস্যপূৰ্ণ, স্পষ্ট আৰু যুক্তিসংগত ধাৰণাৰে এই শিক্ষানীতি প্ৰস্তুত কৰা হৈছে ৷ এই শিক্ষানীতি প্ৰস্তুত কৰোতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ পৰামৰ্শ লোৱা হৈছে বুলিও তেওঁ মন্তব্য কৰে ৷ এই শিক্ষানীতি প্ৰস্তুতত প্ৰধানমন্ত্ৰী মোদীয়ে দিহা-পৰামৰ্শ প্ৰদান কৰি পালন কৰা ভূমিকাক ৰাষ্ট্ৰপতি ক'ৱিন্দই প্ৰশংসা কৰে ৷

একবিংশ শতিকাৰ আশা-আকাংক্ষা অনুসৰি এই শিক্ষানীতিয়ে দেশক বিশেষকৈ যুৱ-প্ৰজন্মক আগুৱাই নিব বুলিও ক'ৱিন্দই মন্তব্য কৰে ৷ প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বক প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ডঃ কস্তুৰীৰংগন, মন্ত্ৰীসকল আৰু শিক্ষা মন্ত্ৰণালয়ৰ বিষয়াবৰ্গৰ শলাগ লয়। নতুন শিক্ষানীতিৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ আৰু কয় যে ৰাজ্যপালসকল যিহেতু ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য৷ গতিকে ৰাজ্যপালসকলে এই শিক্ষানীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ উল্লেখ্য যে দেশত চাৰিশ ৰাজ্যিক বিশ্ববিদ্যালয় আছে আৰু এইসমূহৰ প্ৰায় ৪০হেজাৰ অনুমোদিত কলেজ আছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com