নেপালৰ বিমান দুৰ্ঘটনাত ৭০ জন নিহত

দুৰ্ঘটনাস্থলীত ককপিটৰ ভইচ ৰেকৰ্ডাৰ আৰু ফ্লাইট ডাটা ৰেকৰ্ডাৰৰ সন্ধানো চলি আছে
নেপালৰ বিমান দুৰ্ঘটনাত ৭০ জন নিহত
Published on

পোখাৰাঃ নেপালৰ পোখাৰা বিমানবন্দৰৰ সমীপত দেওবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক বিমান দুৰ্ঘটনা। নেপালৰ পোখাৰা বিমানবন্দৰৰ ঠিক বাহিৰত ৬৮ জন যাত্ৰী আৰু ৪ জন ক্ৰু মেম্বাৰ কঢ়িয়াই অনা টুইন ইঞ্জিনযুক্ত টাৰ্বোপ্ৰপ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। নেপালৰ য়েটি এয়াৰলাইন্সৰ এ টি আৰ ৭২ বিমানখন অৱতৰণৰ সময়তে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত হয়। দেশৰখনৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা পোখাৰালৈ নিৰ্ধাৰিত সময়ত গৈ থকা সময়তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। গোটেই দিনটো উদ্ধাৰ অভিযান চলাৰ লগতে সোমবাৰে পুৱা পুনৰ আৰম্ভ হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com