গুৱাহাটীৰ, আদাবাৰীৰ নতুন পাৰ্কৰ শুভ উদ্ধোধন কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী মহানগৰীয়া উন্নয়ন কৰ্তৃপক্ষ দ্বাৰা নিৰ্মিত পাৰ্ক খনৰ সুভি উদ্ধোধনী কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
গুৱাহাটীৰ, আদাবাৰীৰ নতুন পাৰ্কৰ শুভ উদ্ধোধন কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে

অহা ২৪ ডিচেম্বৰ তাৰিখে, গুৱাহাটীৰ আদাবাৰীত শেহতীয়া ভাৱে গুৱাহাটী মহানগৰীয়া উন্নয়ন কৰ্তৃপক্ষ দ্বাৰা নিৰ্মিত পাৰ্ক খনৰ সুভি উদ্ধোধনী কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসম ৰাজ্যিক গৃহ নিৰ্মাণ বোৰ্ডত স্থানত নিৰ্মিত এই পাৰ্কখনৰ ক্ষেত্ৰফল হৈছে প্ৰায় ০৮ বিঘা। এই চৌহদ নিৰ্মাণ কৰা হৈছে অঞ্চলটোৰ পুনঃ নিৰ্মাণৰ হেতু য'ত সকলো লোকে নিজৰ পৰিয়াল আৰু বন্ধু বন্ধবৰ সৈতে কিছু সুন্দৰ সময় অতিবাহিত কৰিব পাৰে।

বাণিজ্যিক ভাৱে সদায় ব্যস্ততাৰ মুখৰিত হৈ থকা মালিগাওঁৰ এই অঞ্চলত কিছু শান্তি প্ৰিয় আৰু নিজম পৰিবেশ দিব পৰা এনে এক ঠাইৰ অতিকৈ প্ৰয়োজন আছিল।

এই পাৰ্ক খনৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে ইয়াৰ ভিতৰত অৱস্থিত এখনি সুন্দৰ বাগিচাই, মুক্ত আকাশৰ তলত এখনি মঞ্চ আৰু কমেও ২৫০গৰাকী দৰ্শকৰ একেলগে বহিব পৰা বিশাল কক্ষ, ধ্যান গৃহ আৰু ০৩ খন কেন্টিন। ইয়াৰ লগতে আছে মুৰাল শিল্পকলাৰ এটি দায়েছ, আদি। এই চৌহদ বিশেষ ভাৱে নিৰ্মান কৰা হৈছে শিশু সকলৰ বাবে। পাৰ্ক খনৰ লগতে নিৰ্মাণ কৰা হৈছে আছুতীয়া ভাৱে প্ৰস্ৰাৱগাৰ আৰু এটি টিকট কাউন্তাৰ।

আগৰে পৰা স্থান খিনিত থকা এটি পানীৰ জলাশয়, এই স্থানৰ শোভা বৰ্ধন কৰিছে।

এই স্থানত প্ৰবেশ কৰিবৰ কাৰণে বয়সস্ত লোকৰ প্ৰবেশ মাছুল হ'ব ৩০/- টকা আৰু ১২বছৰৰ শিশু সকলৰ বাবে হ'ব ১৫/- টকা।

ইয়াৰ পূৰ্বে, যোৱা ১২অক্টোবৰ তাৰিখে পানবজাৰ অঞ্চলত নতুন কৈ পুনঃ নিৰ্মাণ কৰা মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ বা পুৰণা ডি চি বাংলো, সকলো সাধাৰণ লোকৰ বাবে ১২ অক্টোবৰ পৰা ১৭অক্টোবৰ লৈকে পুৱা ১১বজাৰ পৰা আবেলি ৫বজা লৈকে মুকলি কৰা হৈছিল।

অৱশ্যে, যোৱা ১৯অক্টোবৰ তাৰিখৰ পৰা এই নিয়মাৱলী সমূহৰ কিছু ছাল সলনি কৰা হ'ল। সাধাৰণ লোকৰ দৰ্শনৰ হেতু মঙ্গলবাৰৰ পৰা দেওবাৰ লৈকে এই স্থান মুকলি কৰা হয় পুৱা ১০বজাৰ পৰা নিশা ১০বোজা লৈকে। নতুন নিয়মাৱলী অনুসৰি এই স্থানত কোনো লোকক ভিডিঅ' সংগ্ৰহৰ মঞ্জুৰী দিয়া নহ'ব লগতে প্ৰতি সোমবাৰে ইয়াক চাফ চিকুনতাৰ হেতু বন্ধ ৰখা হ'ব।

এই স্থানত প্ৰবেশ হেতু প্ৰবেশ মাছুল ধাৰ্য্য কৰা হৈছে মূল্য ১০০/- টকা কৈ। কিন্তু শিশু, ৭৫বছৰৰ ওপৰৰ বৃদ্ধি আৰু শাৰীৰিক ভাৱে বাধাগ্ৰস্ত লোক সকলৰ বাবে ইয়াত প্ৰবেশ বিনামূলীয়া।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com