Begin typing your search above and press return to search.

মোদীৰ পেকেজৰ দ্বাৰা ৰাজ্যৰ লক্ষাধিক এম এছ এম ই লাভান্বিত হ'বঃ মুখ্যমন্ত্ৰী

(MSME)সমূহক বন্ধকী বা collateralঅবিহনে ঋণ প্ৰদান কৰা হ'ব ৷ ইয়াৰ বাবদ তিনি লাখ কোটি টকা ব্যয় হ"ব।

মোদীৰ পেকেজৰ দ্বাৰা ৰাজ্যৰ লক্ষাধিক এম এছ এম ই লাভান্বিত হবঃ মুখ্যমন্ত্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 May 2020 9:01 AM GMT

প্ৰধানমন্ত্ৰীৰ স্ব-নিৰ্ভৰ ভাৰতৰ পৰা অসমৰ লক্ষাধিক এম এছ এম ই লাভান্বিত হবঃ মুখ্যমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ২০ লাখ কোটি টকাৰ শেহতীয়া পেকেজৰ জৰিয়তে অসমৰ লক্ষাধিক ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ-প্ৰতিষ্ঠান (MSME) লাভান্বিত হ'ব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আজি গুৱাহাটীত এখন সংবাদমেলত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে প্ৰধানমন্ত্ৰীৰ এই আঁচনিৰ দ্বাৰা অসম বহুলভাবে উপকৃত হব। "কৰোনা ভাইৰাছবিৰোধী যুঁজৰ অংশৰূপে ঘোষিত তলাবন্ধৰ ফলত আমি বহু আৰ্থিক সমস্যাৰ সন্মুখীন হলো। কেন্দ্ৰই হওক বা ৰাজ্যই হওক, উভয় চৰকাৰে আৰ্থিক সমস্যাৰ সন্মুখীন হবলগা হৈছে। সোণোৱালে কয় যে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ-প্ৰতিষ্ঠান(MSME)সমূহক বন্ধকী বা collateralঅবিহনে ঋণ প্ৰদান কৰা হ'ব ৷ ইয়াৰ বাবদ তিনি লাখ কোটি টকা ব্যয় হ"ব। চাৰি বছৰলৈ MSMEসমূহক বন্ধকী অবিহনে ঋণ প্ৰদান কৰা হ'ব। তদুপৰি দুশ কোটি টকাৰ চৰকাৰী ঠিকালৈকে বিদেশী বা বহুজাতিক প্ৰতিষ্ঠানক ভাৰতত ঠিকা ল'বলৈ দিয়া নহ'ব সোণোৱালে আৰু কয় য়ে সম্প্ৰতি ৰাজ্যৰ দুই লক্ষাধিক এম এছ এম ই সংকটৰ গৰাহত আছে। সম্প্ৰতি এই এম এছ এম ইসমূহো উপকৃত হব। কাৰণ কেন্দ্ৰই এই আত্ম নিৰ্ভৰ ভাৰত আংছনিৰ অধীনত ২০ হেজাৰ কোটি টকা মোকলাই দিব।

Next Story
চাকৰি