ক'ৰ'নাত আক্ৰান্ত অসম আৰক্ষীৰ সংখ্যা চাৰি সহস্ৰাধিক, ১৮জনৰ মৃত্যু

ইয়াৰে ৩, ৪১১জনে পুনৰ কৰ্তব্যত যোগদান কৰিছে
ক'ৰ'নাত আক্ৰান্ত অসম আৰক্ষীৰ সংখ্যা চাৰি সহস্ৰাধিক, ১৮জনৰ মৃত্যু

সৰ্বত্ৰে ত্ৰাসৰ সৃষ্টি কৰা ক'ৰ'না মহামাৰীত আক্ৰান্ত হ'ল অসম আৰক্ষীৰ চাৰি সহস্ৰাধিক বিষয়া-কনিষ্টবল। ক'ৰ'নাবিৰোধী যুঁজৰ আগশাৰীৰ সৈনিকৰ ভূমিকা পালন কৰা এইসকল আৰক্ষী বিষয়া-কনিষ্টবলৰ মাজৰ ১৮জন মৃত্যুমুখত পৰিছে। এই তথ্য সদৰী কৰিছে অসম আৰক্ষীৰ আইন-শৃংখলাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান জি পি সিঙে।

এটা টুইটত শীৰ্ষ আৰক্ষী বিষয়াজনে কয় যে ক'ৰ'নাত অসম আৰক্ষীৰ অধিকাংশ বিষয়া-কৰ্মচাৰী আৰোগ্য হৈছে। ইয়াৰে ৩, ৪১১জনে পুনৰ কৰ্তব্যত যোগদান কৰিছে ৷ আৰোগ্যৰ হাৰ কমেও ৯৩শতাংশ ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com