ভাৰতক পৰমাণু অস্ত্ৰৰে আক্ৰমণৰ ভাবুকি পাকিস্তানী মন্ত্ৰীৰ

চৰম স্পৰ্ধাৰে পাক মন্ত্ৰীজনে কয় যে ইছলামিক দেশখনৰ ওচৰত এনে পৰমাণু অস্ত্ৰ আছে, যি অস্ত্ৰ নিক্ষেপ কৰিলে অসমকো স্পৰ্শ কৰিব।
ভাৰতক পৰমাণু অস্ত্ৰৰে আক্ৰমণৰ ভাবুকি পাকিস্তানী মন্ত্ৰীৰ

এজন পাকিস্তানী মন্ত্ৰীৰ উদ্ভণ্ডালিয়ে চৰম সীমা স্পৰ্শ কৰিলে। পাক মন্ত্ৰী শ্বেইখ ৰছিদে ভাৰতক পৰমাণু যুদ্ধৰ ভাবুকি। ভাবুকি দি চৰম স্পৰ্ধাৰে পাক মন্ত্ৰীজনে কয় যে ইছলামিক দেশখনৰ ওচৰত এনে পৰমাণু অস্ত্ৰ আছে, যি অস্ত্ৰ নিক্ষেপ কৰিলে অসমকো স্পৰ্শ কৰিব। আনকি তেওঁ এইবুলিও কয় যে পাকিস্তানৰ হাতত থকা পৰমাণু অস্ত্ৰই ভাৰতীয় মুছলমানসকলৰ ক্ষতিসাধন নকৰে। লক্ষ্যণীয় যে তেওঁ অসমক পাকিস্তানৰ আক্ৰমণৰ অন্যতম লক্ষ্যৰূপে ইংগিত কৰে।

স্বাভাৱিকতে পাকিস্তানৰ মন্ত্ৰীজনৰ এনে উদ্ভণ্ডালিয়ে ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে যোৱা বছৰ স্বয়ং পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানেও ভাৰতক একাধিকবাৰ ভাবুকি দিছিল।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com