পাকিস্তানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব: জি জিংপিঙক কলে নৰেন্দ্ৰ মোদীয়ে

পাকিস্তানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব: জি জিংপিঙক কলে নৰেন্দ্ৰ মোদীয়ে
Published on

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতি বাৰে পাকিস্তানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি প্ৰকাশ কৰে। চীনৰ ৰাষ্ট্ৰপতি জি জিংপিঙৰ সৈতে নৰেন্দ্ৰ মোদীয়ে বৈঠকত মিলিত হোৱাৰ পাছত এই কথা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে ভাৰতে পাকিস্তানৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে যদিও পাকিস্তানৰ কাৰ্যকলাপত সেয়া সম্ভৱ হৈ নপৰে। ছাঙঘাই কপৰেচন অৰ্গেনাইজেছন( SCO) সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি জি জিংপিঙক আৰু মোদী মিলিত হয় বুলি বৈদেশিক সচিব বিজয় গোখলেই প্ৰকাশ কৰে ।

গোখলেই প্ৰকাশ কৰা মতে, এই বৈঠকত বিশদ আলোচনা কৰা হয়। পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ ওপৰতো আলোচনা কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ সৈতে ভাৰতে সু-সম্পৰ্ক বজাই ৰাখিব বিচাৰে বুলি প্ৰকাশ কৰিছিল বুলি গোখলেই প্ৰকাশ কৰে।

জি জিংপিঙক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে, পাকিস্তানে সন্ত্ৰাসবাদী বিৰোধী এক পৰিবেশ গঢ়ি তুলিব লাগে , কিন্তু সেয়া সম্ভৱ হৈ উঠা পৰিলক্ষিত হোৱা নাই ।

পাকিস্তানক সহায় কৰি থকা চীনৰ ৰাষ্ট্ৰপতিক এই কথা স্পষ্ট ভাবে প্ৰকাশ কৰে মোদীয়ে । উল্লেখযোগ্য যে চীনে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত বহুবাৰ বাধা প্ৰদান কৰিছিল যদিও, শেহতীয়াকৈ চীনৰ ভেটো প্ৰদান কৰাত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা হয় মাছুদ আজহাৰৰ।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৫ স্থায়ী সদস্যৰ ভিতৰত চীন এখন। চীনৰ শেহতীয়া ভেটোৰ বাবে ১ মেত মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰে ৰাষ্ট্ৰসংঘয়ে ।

বানিজ্যৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত কিছুমান নীতি সহজ কৰা হব বুলি প্ৰকাশ কৰে |বৈদেশিক সচিব বিজয় গোখলেই সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰে যে মোদী আৰু জি জিংপিঙে আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰাৰ লগতে, এই বছৰৰ শেষৰ ফালে চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে । মোদীয়ে চলিত বৰ্ষত অনুস্থিত হব লগা অনানুষ্ঠানিক সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাই । জি জিংপিঙে এই আমন্ত্ৰণ গ্ৰহণ কৰে আৰু লগতে তেওঁ প্ৰকাশ কৰে যে দুয়োখন দেশৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ আহিব বুলি প্ৰকাশ কৰে|

লগতে গোখলেই প্ৰকাশ কৰে যে মোদী আৰু জি জিংপিঙৰ অৰ্থাৎ দুয়োখন দেশৰ সম্পৰ্ক আলোচনাৰ আৰম্ভণিহে। পুনৰ G-20 সন্মিলনত মিলিত হব দুয়োখন দেশ , তাৰ পাছত BRICS সন্মিলনত মিলিত হব ভাৰত আৰু চীন।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com