ক'ৰ'নাঃ জিহাদ অল সুৱেতিৰ ফটোৱে ব্যথিত কৰিছে অনেকক

যিকোনো ব্যক্তিৰে অন্তৰ চূড়মাৰ কৰি দিব পৰা এখন ফটো ভাইৰেল হৈছে।
ক'ৰ'নাঃ  জিহাদ অল সুৱেতিৰ ফটোৱে ব্যথিত কৰিছে অনেকক

বিশ্বক জোঁকাৰি থকা ক'ৰ'না ভাইৰাছে বহুতৰে প্ৰাণ লৈছে। বহু দেশত মৃত্যুৰ কিৰিলি এতিয়াও অব্যাহত আছে। অব্যাহত আছে ক'ৰ'নাৰ সন্ত্ৰাস। এই ভাইৰাছ অতি সংক্ৰামক হোৱাৰ পৰিপ্ৰেক্ষিতত নিজৰ প্ৰিয়জনকো শেষ সময়ত এবাৰ দেখা দিব পৰা নাই বহুতে। এনে বহু হৃদয়বিদাৰক দৃশ্য ছচিয়েল মিডিয়াত উপলব্ধ। ইয়াৰ মাজতে যিকোনো ব্যক্তিৰে অন্তৰ চূড়মাৰ কৰি দিব পৰা এখন ফটো ভাইৰেল হৈছে। ফটোখন হৈছে পেলেষ্টাইনৰ এজন ব্যক্তিৰ। হাস্পতালৰ ওখ মহলা বগাই ক'ৰ'না মহামাৰীত আক্ৰান্ত মৃত্যুশয্যাত থকা মাতৃক খিৰিকীৰ বাহিৰৰ পৰা চাই ৰোৱা পুত্ৰৰ এই ছবিখনে হৃদয় মথিত কৰে।

প্ৰাপ্ত তথ্য অনুসৰি ব্যক্তিজনৰ মাতৃ এই মহামাৰীত আক্ৰান্ত হৈ হাস্পতালৰ বিছনাত শেষ শয়নত আছিল আৰু পুত্ৰই নিতৌ হাস্পতালৰ ভৱন বগাই মাকক চাবলৈ গৈছিল দৈনিক। জিহাদ অল সুৱেতি নামৰ ব্যক্তিজন ৱেষ্ট বেংকৰ ৱেট আৱা চহৰৰ বাসিন্দা। জিহাদৰ ৭৩বছৰীয়া মাতৃ ৰাচমী সুৱেতি হেব্ৰনৰ ষ্টেট হাস্পতালৰ জৰুৰী কালীন কক্ষত ভর্তি হৈ আছিল আৰু তেওঁৰ ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com