Begin typing your search above and press return to search.

বয়বস্তুৰ দাম আকাশলংঘী হোৱাৰ আশংকাঃ দিল্লীতো বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

ৰাজহ সংগ্ৰহ হ্ৰাস পোৱাৰ অজুহাত দি দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লত ১.৬৭ টকা আৰু প্ৰতি লিটাৰ ডিজেলত একেকোবে ৭.১০টকা বৃদ্ধি কৰা হৈছে

বয়বস্তুৰ দাম আকাশলংঘী হোৱাৰ আশংকাঃ দিল্লীতো বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 May 2020 6:03 AM GMT

অসমৰ পাছত দিল্লীতো বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। ক'ৰ'না মহামাৰীৰ প্ৰাৰ্দুভাবৰ পৰিপ্ৰেক্ষিতত ৰাজহ সংগ্ৰহ হ্ৰাস পোৱাৰ অজুহাত দি দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লত ১.৬৭ টকা আৰু প্ৰতি লিটাৰ ডিজেলত একেকোবে ৭.১০টকা বৃদ্ধি কৰা হৈছে। অসমৰ দৰে দিল্লী চৰকাৰেও পেট্ৰ'ল-ডিজেলত ভেট বৃদ্ধি কৰিছে। এইদৰে চৰকাৰসমূহে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি কৰাত অচিৰেই বয়-বস্তুৰ দাম আকাশলংঘী হোৱাৰ আশংকাই দেখা দিছে। ইয়াৰ পূৰ্বে অসম চৰকাৰে পেট্ৰ'ল-ডিজেলত ভেট পাঁচ টকা বৃদ্ধি কৰে।ইপিনে, অসমত পেট্ৰল আৰু ডিজেলত বৰ্ধিত ভেটৰ সপক্ষে ৰাজ্য চৰকাৰে যুক্তি দিছে। অলপতে এখন সংবাদমেলত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ক'ৱিড-১৯মহামাৰী ৰোধৰ উদ্দেশ্য দেশজোৰা তলাবন্ধ (ল'ক-ডাউন)ঘোষণা কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত অসমত এইবাৰ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)সংগ্ৰহ উদ্বেগজনক হাৰত হ্ৰাস পালে ৷ আনকি যোৱা বছৰৰ এই সময়ছোৱাৰ তুলনাত এইবাৰ জি এছ টি সংগ্ৰহ ৮০শতাংশ পৰ্যন্ত হ্ৰাস পাইছে৷ সংবাদমেলত মন্ত্ৰী শৰ্মাই লগতে কয় যে ২০১৯ৰ এপ্ৰিলত ৰাজ্যত ৯৩৬কোটি টকাৰ জি এছ টি সংগ্ৰহ হৈছিল ৷ কিন্তু এইবছৰৰ এপ্ৰিলত ইয়াৰ পৰিমাণ ১৯২কোটি টকালৈ হ্ৰাস পায় ৷ তৎসত্বেও চৰকাৰী চাকৰিয়ালে অহা মে'ৰ দৰমহা লাভ কৰিব বুলি তেওঁ ঘোষণা কৰে ৷ সংবাদমেলত মন্ত্ৰী শৰ্মাই লগতে কয় যে ৰাজ্যত ক'ৱিড-১৯আক্ৰান্তক চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা আছে ৷ কিন্তু জি এছ টি সংগ্ৰহৰ পৰিমাণে হ্ৰাসে উন্নয়নমূলক কাম-কাজ বাধাগ্ৰস্ত কৰাৰ আশংকা আছে৷


আৰু পঢ়িব পাৰেঃ ক'ৱিড-১৯ প্ৰভাৱিত উত্তৰ-পূবৰ ১২ জিলাৰ প্ৰশাসনক প্ৰশংসা নিটি আয়োগৰ

Next Story