৮২ বছৰীয়া মহিলাক হত্যা কৰিছে পিটবুলে , হত্যাকাৰী কুকুৰৰ অৱস্থান অজ্ঞাত

মহিলাগৰাকীক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল, যাৰ পিছত তেওঁৰ শৰীৰটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল।
৮২ বছৰীয়া মহিলাক হত্যা কৰিছে পিটবুলে , হত্যাকাৰী কুকুৰৰ অৱস্থান অজ্ঞাত
Published on

নতুন দিল্লীঃ কাইচেৰবাগত থকা নিজা বাসগৃহত এগৰাকী ৮২ বছৰীয়া মহিলাক তেওঁৰ পোহনীয়া কুকুৰে হত্যা কৰিছে।

বাতৰি অনুসৰি, এগৰাকী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সুশীলা ত্ৰিপাঠীয়ে ৰাতিপুৱা তেওঁৰ ঘৰৰ চাদত আছিল যেতিয়া তেওঁৰ পোহনীয়া পিটবুল কুকুৰটোৱে তেওঁক আক্ৰমণ কৰিছিল।

লগতে, ঘৰুৱা সহায়িকাগৰাকীয়ে তেঁওক তেজেৰে লুটুৰি পুটুৰি হৈ পৰি থকা দেখিছিল আৰু মহিলাগৰাকীৰ পুত্ৰক এই বিষয়ে অৱগত কৰিছিল, আৰক্ষীয়ে জনাইছে।

মহিলাগৰাকীক ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল, যাৰ পিছত তেওঁৰ শৰীৰটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। খবৰ অনুসৰি ভুক্তভোগীগৰাকীয়ে তেওঁৰ সৰু পুত্ৰৰ সৈতে বাস কৰিছিল, য'ত পৰিয়ালটোত দুটা পোহনীয়া কুকুৰ আছিল, যাৰ ভিতৰত আছিল এটা পিটবুল যিয়ে তেওঁক আক্ৰমণ কৰিছিল।

কাইচেৰবাগৰ সহকাৰী আৰক্ষী আয়ুক্ত যোগেশ কুমাৰে কয়, "বঙালী টোলা এলেকাৰ ৮২ বছৰীয়া সুশীলা ত্ৰিপাঠীক তেওঁৰ পোহনীয়া কুকুৰে আক্ৰমণ কৰিছিল। তেওঁৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আমি ঘটনা সন্দৰ্ভত লক্ষ্ণৌ পৌৰ নিগমৰ (এলএমচি) বিষয়াসকলৰ সৈতে সমন্বয় কৰি আছো।"

আনহাতে, এলএমচিৰ পশু চিকিৎসা বিষয়া অভিনৱ বাৰ্মাই কয়, "আমাৰ দলটোৱে পিটবুলক পোহনীয়া কুকুৰ হিচাপে ৰাখিবলৈ পৰিয়ালটোৰ অনুজ্ঞাপত্ৰ আছে নে নাই পৰীক্ষা কৰিবলৈ ঘৰলৈ গৈছিল। কিন্তু যিহেতু ঘৰটো বন্ধ আছিল, সেয়েহে ইয়াক জানিব পৰা নগ'ল।"

বিষয়াসকলে কৈছিল যে তেওঁলোকৰ ওচৰত কুকুৰৰ অৱস্থানৰ বিষয়ে কোনো তথ্য নাছিল আৰু পুত্ৰৰ সন্ধান কৰি আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com