গুৱাহাটীত পুৱা ৮বজাৰ পৰা নিশা ৭বজালৈ দোকান-পোহাৰ খোলা ৰখাৰ আহ্বান

সকলো ব্যৱসায়ী তথা দোকানী-পোহাৰীসকলক মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব বজাই ৰখা নীতি-নিয়ম মানি চলি
গুৱাহাটীত পুৱা ৮বজাৰ পৰা নিশা ৭বজালৈ দোকান-পোহাৰ খোলা ৰখাৰ আহ্বান

ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীৰ উদ্বেগজনক প্ৰাদুৰ্ভাবৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা নিশা ৭বজালৈ দোকান-পোহাৰ খোলা ৰাখিবলৈ এটা ব্যৱসায়ীক সংগঠনে আহ্বান জনাইছে। অল গুবাহাটী টেডাৰ্ছ এছ'চিয়েচন নামৰ সংগঠনটোৱে এক বিবৃতিযোগে মহানগৰীৰ সকলো ব্যৱসায়ীলৈ এই আহ্বান জনাইছে ৷ বিবৃতিটোত সন্থাই লগতে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সকলো ব্যৱসায়ী তথা দোকানী-পোহাৰীসকলক মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব বজাই ৰখা নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনায় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com