Begin typing your search above and press return to search.

পৰমবীৰ চক্ৰ বঁটা বিজয়ীৰ নামেৰে ২১টা দ্বীপৰ নাম

সোমবাৰে প্ৰধানমন্ত্ৰীয়ে কাৰ্যতঃ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১টা দ্বীপৰ নাম ২১ পৰমবীৰ চক্ৰ বঁটাবিজয়ী নামেৰে নামকৰণ কৰে

পৰমবীৰ চক্ৰ বঁটা বিজয়ীৰ নামেৰে ২১টা দ্বীপৰ নাম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jan 2023 7:32 AM GMT

নতুন দিল্লীঃ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উপলক্ষে সোমবাৰে প্ৰধানমন্ত্ৰীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১টা নামহীন দ্বীপৰ নাম ২১জন পৰম বীৰ চক্ৰ বঁটা বিজয়ীৰ নামেৰে নামকৰণ কৰে।

নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপৰ ওপৰত নিৰ্মাণ হ'বলগীয়া নেতাজীৰ ৰাষ্ট্ৰীয় স্মাৰকৰ আৰ্হিও উন্মোচন কৰে তেওঁ। "যেতিয়া ইতিহাস ৰচনা কৰা হয়, তেতিয়া ভৱিষ্যত প্ৰজন্মই কেৱল মনত ৰখা আৰু মূল্যায়ন কৰাই নহয়, ইয়াৰ পৰা প্ৰেৰণাও বিচাৰি পায়। এই দিনটো ভৱিষ্যত প্ৰজন্মই দেশৰ ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায় হিচাপে স্মৰণ কৰিব।এই মন্তব্য কৰে মোডীয়ে,তেওঁ লগতে কয়, "অসীম যন্ত্ৰণাৰ লগতে অভূতপূৰ্ব আবেগৰ মাত আজিও চেলুলাৰ জেলৰ কোঠাৰ পৰা শুনা যায়।"

লগতে পঢ়ক: বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰ

Next Story