'হৰ ঘৰ তিৰঙ্গা': ১৩-১৫ আগষ্টৰ ভিতৰত ঘৰত ত্ৰিৰংগা উত্তোলন কৰিবলৈ ৰাইজলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

অসমত, চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠান, বিদ্যালয় আৰু বাণিজ্যিক প্ৰতিষ্ঠানকে ধৰি ৮০ লাখ গ্ৰাম্য আৰু নগৰীয়া পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য আছে।
'হৰ ঘৰ তিৰঙ্গা': ১৩-১৫ আগষ্টৰ ভিতৰত ঘৰত ত্ৰিৰংগা উত্তোলন কৰিবলৈ ৰাইজলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ
Published on

নতুন দিল্লীঃ 'হৰ ঘৰ তিৰঙ্গা'ক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ১৩-১৫ আগষ্টৰ ভিতৰত লোকসকলক তেওঁলোকৰ ঘৰত ত্ৰিৰংগা উত্তোলন কৰিবলৈ আহ্বান জনাইছে।

মাইক্ৰ'ব্লগিং ছাইট টুইটাৰলৈ গৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ''এই বছৰ যেতিয়া আমি আজাদী কা অমৃত মহোৎসৱ চিহ্নিত কৰিআছো, আমি হৰ ঘৰ তিৰঙ্গা আন্দোলন শক্তিশালী কৰোঁ আহক। ত্ৰিৰংগা উত্তোলন কৰক বা ১৩ ৰ পৰা ১৫ আগষ্টৰ ভিতৰত আপোনাৰ ঘৰত প্ৰদৰ্শন কৰক। এই আন্দোলনে ৰাষ্ট্ৰীয় পতাকাৰ সৈতে আমাৰ সংযোগ গভীৰ কৰিব। ''

প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰত ত্ৰিৰংগাক ৰাষ্ট্ৰীয় পতাকা হিচাপে গ্ৰহণ কৰা সন্দৰ্ভত চৰকাৰী আলোচনাৰ তথ্যও ভাগ বতৰা কৰে আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দ্বাৰা উত্তোলন কৰা প্ৰথম ত্ৰিৰংগাখনৰ এখন ছবি টুইট কৰে।

চৰকাৰে ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকীত 'হৰ ঘৰ তিৰঙ্গা' অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

দেশৰ বাকী অংশৰ লগতে ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট, ২০২২ লৈ সমগ্ৰ অসমত ঘৰ, কাৰ্যালয় আৰু বাণিজ্যিক প্ৰতিষ্ঠানত ৮০ লাখ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ব। এইটো হৰ ঘৰ তিৰঙ্গা কাৰ্যসূচীৰ অংশ হিচাপে কৰা হ'ব।

অসমত, চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠান, বিদ্যালয় আৰু বাণিজ্যিক প্ৰতিষ্ঠানকে ধৰি ৮০ লাখ গ্ৰাম্য আৰু নগৰীয়া পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com