উৎকোচ লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ মৰিগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী

উৎকোচ লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ মৰিগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী

হৰেন্দ্ৰ কুমাৰ নাথ নামৰ এই কৰ্মচাৰীজনক মৰিগাঁও আৰক্ষী আৰু অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে ৷

উৎকোচ লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ হ'ল মৰিগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ মীন শাখাৰ এজন কৰ্মচাৰী। হৰেন্দ্ৰ কুমাৰ নাথ নামৰ এই কৰ্মচাৰীজনক মৰিগাঁও আৰক্ষী আৰু অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে ৷ অভিয়ুক্ত কৰ্মচাৰীজনে জ্যেষ্ঠ সহায়কৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। আজি আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখা আৰু মৰিগাঁও আৰক্ষীৰ দলে তেওঁক উপায়ুক্ত কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰে। এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান তথা তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ সঞ্চালক জি পি সিঙে। 

ইয়াৰ পূৰ্বে কালি ৫ হেজাৰ টকা উত্কোচ লোৱা অৱস্থাত আৰক্ষীয়ে অসম আৰক্ষীৰ এজন উপ-পৰিদৰ্শকক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত আৰক্ষী বিষয়াজন হৈছে হাইলাকান্দি আৰক্ষী থানাৰ সুধন্য ভট্টাচাৰ্য। তেওঁকো অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com