গুৱাহাটীত সম্পূৰ্ণ ল'কডাউন নিশ্চিতকৰণঃ ড্ৰ'ণ ব্যৱহাৰ আৰক্ষীৰ

ইয়াৰ জৰিয়তে কোনো লোকেই যাতে ল’কডাউনৰ নীতি-নিয়ম ভংগ কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰা হ’ব৷
গুৱাহাটীত সম্পূৰ্ণ ল'কডাউন নিশ্চিতকৰণঃ ড্ৰ'ণ ব্যৱহাৰ আৰক্ষীৰ
Published on

উদ্বেগজনকভাৱে ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সংক্ৰমণ যাতে আৰু বৃদ্ধি নাপায়, সেয়া নিশ্চিত কৰিবলৈ মহানগৰ আৰক্ষীয়ে ড্ৰ'ণৰ আশ্ৰয় লৈছে ৷ দেওবাৰে মাজনিশাৰ পৰা গুৱাহাটীত পুনৰ ১৪দিনৰ বাবে সম্পূৰ্ণ ল'কডাউন আৰোপ কৰিছে ৷ অহা ১২জুলাইলৈকে বাহাল থাকিবলগীয়া এই লকডাউনৰ সম্পূৰ্ণ প্ৰয়োগ নিশ্চিত কৰিবলৈ অসম আৰক্ষীয়ে ড্ৰ'ণ ব্যৱহাৰ কৰিছে ৷ কোনো লোকে ল'কডাউনৰ নীতি-নিয়ম ভংগ কৰিছে নেকি, সেয়া এই ড্ৰ'ণৰ সহায়ত আকাশমাৰ্গৰ পৰা আৰক্ষীয়ে নিৰীক্ষণৰ ব্যৱস্থা কৰিছে ৷ এই সন্দৰ্ভত মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ-আয়ুক্ত (ডি চি পি) মায়ংক কুমাৰে কয় যে তুলনামূলকভাবে অধিক ক'ৰ'না আক্ৰান্ত চিনাক্ত অঞ্চল বা স্থানসমূহত নিৰীক্ষণ অধিক কঠোৰ হ'ব ৷ ইয়াৰ জৰিয়তে কোনো লোকেই যাতে ল'কডাউনৰ নীতি-নিয়ম ভংগ কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰা হ'ব৷ এনে ধৰণৰ দুটা অঞ্চল হৈছে ফাঁচীবজাৰ আৰু হাতীগাঁও ৷ আনহাতে, এই সম্পৰ্কত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই কয় যে ড্ৰ'ণৰ জৰিইতে দিনটোৰ প্ৰতিটো ক্ষণত জনতাৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰখা হ'ব ৷ গুপ্তাই লগতে কয় যে এই ল'কডাউন অত্যন্ত কঠোৰ ৰূপত বলবৎ কৰা হ'ব ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com