শোণিতপুৰত আৰক্ষীৰ উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

সূত্ৰ অনুসৰি তিনিজন ব্যক্তিৰ জিম্মাৰ পৰা ৩টা বন্দুক আৰু ১২টা সজীৱ গুলী উদ্ধাৰ কৰা হৈছে।
শোণিতপুৰত আৰক্ষীৰ উদ্ধাৰ  অস্ত্ৰ-শস্ত্ৰ

গুৱাহাটী : অসম আৰক্ষীয়ে এক অভিযানত অসমৰ শোণিতপুৰ জিলাৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বিশাল ভঁৰাল জব্দ কৰে। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ অঞ্চলত ২৪ জানুৱাৰী, মঙলবাৰে এক অভিযানত জব্দ কৰা হয় এই অস্ত্ৰ শস্ত্ৰ। সংশ্লিষ্ট আৰক্ষী বিভাগে পূৰ্বৰ তথ্যৰ ভিত্তিত চাৰিদুৱাৰৰ এটা ঘৰত অভিযান চলাই অবৈধ সামগ্ৰী উদ্ধাৰ কৰে। সূত্ৰ অনুসৰি তিনিজন ব্যক্তিৰ জিম্মাৰ পৰা ৩টা বন্দুক আৰু ১২টা সজীৱ গুলী উদ্ধাৰ কৰা হৈছে।এই ঘটনাত জড়িত থকা তিনিজনক আটক কৰিছে আৰক্ষীয়ে।ঘটনাৰ তদন্ত চলি আছে।৭ জানুৱাৰীত নিউ মাৰ্কেটৰ পৰা শিলচৰ আৰক্ষীয়ে দুজন আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। চোৰাং সৰবৰাহকাৰী কেইজন সঞ্জিত নমো আৰু নৰেশ চাকমা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। আৰক্ষীয়ে অভিযুক্তৰ পৰা ৪০টা গুলী আৰু ২টা পিষ্টল জব্দ কৰে। ত্ৰিপুৰা ৰাজ্যৰ পৰা শিলচৰ আই এছ বি টিত উপস্থিত হোৱাৰ পিছতে ধৰা পৰে এই যুটিটো।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com