বৰ্ণিহাটত পাঁচশ কিলোগ্ৰাম মাৰিজুৱানা জব্দ

এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে বৃহস্পতিবাৰে মাজনিশা বৰ্ণিহাটৰ শিলচৰত এখন ট্ৰাকৰ পৰা এই বৃহত পৰিমাণৰ মাৰিজুৱানা জব্দ কৰে।
বৰ্ণিহাটত পাঁচশ কিলোগ্ৰাম মাৰিজুৱানা জব্দ

ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ মাজতে যোৱা নিশা মেঘালয় আৰক্ষীয়ে বৰ্ণিহাটত পাঁচশ কিলোগ্ৰাম নিষিদ্ধ মাৰিজুৱানা জব্দ কৰে। ইয়াৰ খবৰ মেঘালয় আৰক্ষীয়ে ৰসিকতাৰ আশ্ৰয় লয়। এই নিষিদ্ধ নিচাযুক্ত সামগ্ৰী জব্দ কৰা সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে টুইটাৰত কয়, " ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়-বিক্ৰয়ত অনুমতি দিয়া হৈছে। কিন্তু মাৰিজুৱানা অত্যাৱশ্যকীয় সামগ্ৰী নহয়। ৰিভই আৰক্ষীৰ শলাগ ল'লো। তেওঁলোকে এখন ট্ৰাকত অনা ৫০০ কিলোগ্ৰাম মাৰিজুৱানা জব্দ কৰিলে"।আনহাতে, এই সম্পৰ্কত ৰিভইৰ আৰক্ষী অধীক্ষক এন লামাৰেই দ্য ছেণ্টিনেল ডিজিটেলক কয় যে এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে বৃহস্পতিবাৰে মাজনিশা বৰ্ণিহাটৰ শিলচৰত এখন ট্ৰাকৰ পৰা এই বৃহত পৰিমাণৰ মাৰিজুৱানা জব্দ কৰে। সম্প্ৰতি অঞ্চলটোত তলাবন্ধ আৰোপিত হৈ আছে।            

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com