তৈল খনন বন্ধৰ জাননী প্ৰত্যাহাৰ কৰিব প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডেঃ অইল

তৈল খনন বন্ধৰ জাননী প্ৰত্যাহাৰ কৰিব প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডেঃ অইল

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ অইলৰ মুখ্য পৰিচালন সঞ্চালকৰ সৈতে আলোচনা কৰে

অনুমতি অবিহনে বাঘজানত তৈল খনন কৰাৰ পৰিপ্ৰেক্ষিতত ক্ষেত্ৰখনত খনন বন্ধ কৰিবলৈ অইল ইণ্ডিয়া লিমিটেডলৈ অলপতে অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে জাননী প্ৰত্যাহাৰ কৰিব বুলি দাবী কৰিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ।এক বিবৃতিত অইল কৰ্তৃপক্ষই এই দাবী কৰি কয়, " বিষয়টোক লৈ আজি প্ৰদূষণ ব'ৰ্ডৰ অধ্যক্ষ অইলৰ মুখ্য পৰিচালন সঞ্চালকৰ সৈতে আলোচনা কৰে ৷ এই খনন বন্ধৰ জাননী প্ৰত্যহাৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷" ইয়াৰ পূৰ্বে কালি কয় যে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে জাৰি কৰা এই জাননী প্ৰত্যাহাৰ নকৰিলে প্ৰতিষ্ঠানটো উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ৷ উল্লেখ্য যে বাঘজান তৈলক্ষেত্ৰত মুঠ ২২টা খাদ আছে ৷ ইয়াৰে ১৮টা খাৰুৱা তেলৰ আৰু আন চাৰিটা গেছৰ ৷ যোৱা ৯জুনত ইয়াৰ ৫ নম্বৰ তৈল খাদত ভয়াবহ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ এই অগ্নিকাণ্ডৰ পৰিণতিত অইলৰ দুজন অগ্নি-নিৰ্বাপক কৰ্মীৰ প্ৰাণহানি ঘটে ৷ তদুপৰি ওচৰ-পাঁজৰৰ অঞ্চলৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন হয় ৷ পৰৱৰ্তী সময়ত নিয়ন্ত্ৰণ ব'ৰ্ডে অনুমতি অবিহনে অইলে বাঘজানত তৈল খনন কৰাৰ অভিযোগত এই খনন বন্ধ কৰিবলৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষলৈ জাননী জাৰি কৰে ৷ অৱশ্যে অইলে এই অভিযোগ অস্বীকাৰ কৰি আহিছে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com