ঘৰৰ পৰা কাম কৰাৰ মাজতে বৃদ্ধি পাইছে পৰ্ণ আসক্তি: প্ৰতিবেদন

ডেইলী মেইলৰ এক বাতৰি অনুসৰি, এই মহামাৰীৰ সময়ত ব্ৰিটেইনত পৰ্ণ আসক্তিৰ সৈতে জড়িত চিকিৎসা সহায় বিচৰা লোকৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছে।
ঘৰৰ পৰা কাম কৰাৰ মাজতে বৃদ্ধি পাইছে পৰ্ণ আসক্তি: প্ৰতিবেদন
Published on

নতুন দিল্লীঃ ৱৰ্ক ফ্ৰম হোম (ডব্লিউ এফ এইচ)ৰ জৰিয়তে সমগ্ৰ বিশ্বৰ লোকসকলে ক'ভিড-১৯ মহামাৰীৰ সময়ত সহজে নিজৰ কাম আগবঢ়াই নিব পাৰিলে আৰু সেই একেটা কৰ্ম সংস্কৃতিয়েই এতিয়া কোম্পানীসমূহে ভৱিষ্যতেও অব্যাহত ৰাখিব বিচাৰিছে। কিন্তু এটা বেলেগ সমস্যা এতিয়া উত্থাপিত হৈছে যাক 'পৰ্ণ আসক্তি' বুলি কোৱা হয়।

ডেইলী মেইলৰ এক প্ৰতিবেদন অনুসৰি, ক'ৰ'না মহামাৰীৰ সময়ত ব্ৰিটেইনত পৰ্ণ আসক্তিৰ সৈতে জড়িত চিকিৎসা সহায় বিচৰা লোকৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছে। এই সময়ত বেছিভাগ মানুহেই ঘৰৰ পৰাই কাম কৰি আছিল।

বিশেষজ্ঞসকলৰ মতে, মাজে মাজে পৰ্ণ চোৱা বহু লোক এতিয়া আসক্ত হৈ পৰিছে।

লণ্ডনৰ লৰেল চেণ্টাৰ হৈছে ব্ৰিটেইনৰ সৰ্ববৃহৎ যৌন আৰু পৰ্ণ আসক্তি ক্লিনিক। ইয়াত ঘৰৰ পৰা কাম কৰা কিছুমান লোকক চিকিৎসা কৰা হৈছে যিয়ে দিনটোত ১৪-১৪ ঘন্টা পৰ্ণ চাই থাকে।

"ঘৰৰ পৰা কাম কৰিলে মানুহে নিজৰ লগত অধিক সময় কটাব পাৰিছে। আজিৰ আগতে তেওঁলোকে কেতিয়াও নিজৰ কম্পিউটাৰৰ সৈতে ইমান অকলশৰীয়া নহ'লহেঁতেন যিয়ে পৰ্ণ চাবলৈ এজনক যথেষ্ট সময় দিয়ে। পৰ্ণ চাবলৈ ঘৰলৈ যাবলৈ কোনেও অপেক্ষা কৰাৰ প্ৰয়োজন নাই,'' কয় লৰেল চেণ্টাৰৰ সঞ্চালিকা ডাঃ প'লা হল।

প্ৰতিবেদনত আৰু কোৱা হৈছে যে ২০২২ চনৰ প্ৰথম ছমাহত লৰেল চেণ্টাৰত প্ৰায় ৭৫০ জন পৰ্ণ আসক্ত আছিল। একে সময়তে ২০১৯ চনত গোটেই বছৰটোৰ বাবে এই সংখ্যা আছিল ৯৫০।

ডাঃ প'লাই আৰু কয় যে এই বছৰ অহা ৰোগীসকলক বয়সস্থ ৰোগীতকৈ অধিক নিবিড় চিকিৎসাৰ প্ৰয়োজন।

ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি, লকডাউন আৰু মহামাৰীৰ মানসিক চাপৰ বাবে মানুহৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু এনে অৱস্থাত মানুহে পৰ্ণ ৱেবচাইটলৈ গৈ আছে।

হলে লগতে উল্লেখ কৰে যে, এই বছৰ ক্লিনিকলৈ অহা ৰোগীসকলক "অধিক নিবিড় চিকিৎসাৰ প্ৰয়োজন"।

প্ৰতিবেদনত আৰু কোৱা হৈছে যে লণ্ডনৰ ক্লিনিকৰ চিকিৎসকসকলে এতিয়া মাহে প্ৰায় ৬০০ ঘণ্টা সময় পৰ্ণ আসক্তিত আক্ৰান্ত লোকসকলক সহায় কৰে, ২০১৯ চনত প্ৰতিমাহে মাত্ৰ ৩৬০ ঘণ্টাহে সহায় কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com