শোচনীয় হৈ আছে প্ৰাক্তন ৰাষ্ট্ৰপতি মুখাৰ্জীৰ অৱস্থা

প্ৰাক্তন ৰাষ্ট্ৰপতি মুখাৰ্জী জৰুৰীকালীন কক্ষ(আই চি ইউ)-ত চিকিত্সাধীন হৈ আছে আৰু তেওঁক ভেণ্টিলেটৰত ৰখা হৈছে।
শোচনীয় হৈ আছে প্ৰাক্তন ৰাষ্ট্ৰপতি মুখাৰ্জীৰ অৱস্থা
Published on

শোচনীয় হৈ আছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ অৱস্থা। প্ৰাপ্ত তথ্য অনুসৰি সম্প্ৰতি নতুন দিল্লীৰ আৰ্মী ৰিচাৰ্চ এণ্ড ৰেফাৰেল হাস্পতালত চিকিত্সাধীন হৈ থকা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ অৱস্থা অপৰিৱৰ্তিত আছে। এই কথা সদৰী কৰি আজি পুৱা উক্ত হাস্পতালে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হয় যে প্ৰাক্তন ৰাষ্ট্ৰপতি মুখাৰ্জী জৰুৰীকালীন কক্ষ(আই চি ইউ)-ত চিকিত্সাধীন হৈ আছে আৰু তেওঁক ভেণ্টিলেটৰত ৰখা হৈছে।

উল্লেখ্য যে অলপতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মগজুৰ এক অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় । দিল্লীৰ ৰাৰাজী মাৰ্গস্থিত বাসভৱনত যোৱা দেওবাৰে তেওঁ পৰি যায়। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁৰ মগজুৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়। উল্লেখ্য যে একাংশই প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যু হোৱা বুলিও দুদিন পূৰ্বে ভুৱা প্ৰচাৰ চলায় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com