আৰক্ষীৰ এনকাউণ্টাৰত নিহত গাড়ীগাওঁৰ ধৰ্ষণৰ মূল অভিযুক্ত বিকি আলী

গাড়ীগাঁওৰ দলবদ্ধ ধর্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ মৃত্যু হৈছে। নিশা আৰক্ষীৰ গুলীত নিহত হয় অভিযুক্ত বিকি আলী ।
আৰক্ষীৰ এনকাউণ্টাৰত নিহত গাড়ীগাওঁৰ ধৰ্ষণৰ মূল অভিযুক্ত বিকি আলী
Published on

নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ বাবেই আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰিছে। এই ধৰ্ষণৰ ঘটনাত জড়িত আন ৪ জন বৰ্তমানো পলাতক। কালিৰ দিনটোত ডামপুৰৰ পৰা অভিযুক্ত বিকিক আটক কৰিছিল আৰক্ষীয়ে। ইপিনে বিকিৰ মৃত্যুৰ পিছতেই পিতৃয়ে দাবী কৰিছে যে তেওঁৰ ধৰ্ষণকাৰী পুত্ৰই নিজেই আত্মসমৰ্পণ কৰিছিল বাবে পলোৱাৰ কথা আহিবই নোৱাৰে। দেশত আইন-আদালত নাইকিয়া হ'ল নেকি বুলিও প্ৰশ্ন কৰে ধৰ্ষণকাৰীটোৰ পিতৃ তথা আন আত্মীয়সকলে।

দেহত চাৰিটা গুলী লগা বিকিক নিশা ১-১০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

উল্লেখ্য গুৱাহাটী মহানগৰীৰ গাড়ীগাওঁৰ দলবদ্ধ বলাৎকাৰৰ অভিযুক্ত বিকি আলীক কালি গ্ৰেপ্তাৰ কৰা হৈছিল।

গাড়ীগাঁওৰ দামপুৰ পাহাৰত লুকাই আছিল অভিযুক্ত বিকি আলী।

মঙ্গলবাৰে দুপৰীয়া প্ৰায় এক বজাত জালুকবাৰী আৰক্ষী আৰু মহানগৰ আৰক্ষীৰ এটা দলে অভিযান চলাই বিকিক গ্ৰেপ্তাৰ কৰিছিল ।

জালুকবাৰী আৰক্ষীয়ে এতিয়াও অন্য চাৰিজন অভিযুক্তৰ সন্ধানত অভিযান চলাই আছে।

গ্ৰেপ্তাৰ কৰি পোনে পোনে বিকিক লৈ অনা হৈছিল জালুকবাৰী থানালৈ।

উল্লেখযোগ্য যে মহানগৰীৰ এখন হোটেলৰ এটা বন্ধ কোঠাত পাঁচ জন যুৱকে মিলি এগৰাকী কিশোৰীক ধৰ্ষণ কৰি কিশোৰী গৰাকীৰ ভিডিঅ' তৈয়াৰ কৰিছিল।

তাৰ পাছতে পৰিয়ালৰ লোকে পানবাজাৰ মহিলা আৰক্ষী থানাত Case No. 19/22 US 376(D) IPC, RW SEC. 6 POSCO ACT, RW 67 (B) IT ACT'ৰ আধাৰত পাঁচজন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত বিকিক গ্ৰেপ্তাৰ কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com