কাশ্মীৰত পুলৱামাসদৃশ আক্ৰমণ ব্যৰ্থ কৰিলে সেনাই

এই অভিযানৰ সময়ত সেনাই ৪১৬টা বিস্ফোৰকৰ টোপোলা জব্দ কৰে ৷ এই টোপোলাবোৰৰ প্ৰতিটোতে ১২৫গ্ৰামকৈ বিস্ফোৰক আছিল।
কাশ্মীৰত পুলৱামাসদৃশ আক্ৰমণ ব্যৰ্থ কৰিলে সেনাই

অশান্ত কাশ্মীৰত সন্ত্ৰাসবাদীয়ে পুনৰ পুলৱামাসদৃশ আক্ৰমণৰ বাবে ৰচনা কৰা পৰিকল্পনা ভাৰতীয় সেনাই ব্যৰ্থ কৰিলে ৷ সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত সংঘটিত কৰাৰ উদ্দেশ্যে মজুত কৰা ৫২কিলোগ্ৰাম বিস্ফোৰকো জব্দ কৰে সেনাই। ভাৰতীয় সেনাই প্ৰকাশ কৰা অনুসৰি ২০১৯ত সন্ত্ৰাসবাদীয়ে পুলৱামাত সংঘটিত কৰা সেই ভয়াৱহ আক্ৰমণস্থলীৰ পৰা ৯ কিলোমিটাৰ দূৰৈত কালি সেনাই এই বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ কৰে ৷ সন্ত্ৰাসবাদীয়ে এই বিস্ফোৰক কাশ্মীৰৰ কাৰেৱাৰাত মজুত কৰিছিল।

এই কথা সদৰী কৰি এজন বিষয়াই সাংবাদিকক কয় যে কাৰেৱাৰত ঘাইপথৰ কাষত সন্ত্ৰাসবাদীয়ে পুৱলামাসদৃশ আক্ৰমণ সংঘটিত কৰাৰ উদ্দেশ্যে এই বিস্ফোৰক মজুত কৰিছিল৷ এই অভিযানৰ সময়ত সেনাই ৪১৬টা বিস্ফোৰকৰ টোপোলা জব্দ কৰে ৷ এই টোপোলাবোৰৰ প্ৰতিটোতে ১২৫গ্ৰামকৈ বিস্ফোৰক আছিল। পৰৱৰ্তী অভিযানৰ সময়ত সেনাই অঞ্চলটোৰ পৰা ৫০টা ডিট'নেটৰ জব্দ কৰে ৷ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com