Begin typing your search above and press return to search.

আৰ্থিক সংকটৰ মোকাবিলাঃ এইবাৰ নবেল বিজয়ী অৰ্থনীতিবিদ অভিজিত বেনাৰ্জীৰে ৰাহুল গান্ধীৰ মত-বিনিময়

দেশত জটিল আৰ্থিক সংকটৰ সৃষ্টি হোৱা বুলি ইতিমধ্যে চৰ্চা হৈছে। এই আৰ্থিক সংকট অধিক জটিল হৈছে নেকি?

আৰ্থিক সংকটৰ মোকাবিলাঃ এইবাৰ নবেল বিজয়ী অৰ্থনীতিবিদ অভিজিত বেনাৰ্জীৰে ৰাহুল গান্ধীৰ মত-বিনিময়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 May 2020 6:33 AM GMT

ক'ৰ'না মহামাৰীৰ প্ৰাৰ্দুভাব ৰোধৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে দীঘলীয়া তলাবন্ধ ঘোষণাৰ ফলত দেশত জটিল আৰ্থিক সংকটৰ সৃষ্টি হোৱা বুলি ইতিমধ্যে চৰ্চা হৈছে। বহু লোকে ইয়াৰ আওভাও নাপালেও ভবাতকৈ এই আৰ্থিক সংকট অধিক জটিল হৈছে নেকি? এনে ধৰণৰ চিন্তা-চৰ্চাৰ মাজতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ইজনৰ পাছত সিজনকৈ খ্যাতনামা অৰ্থনীতিবিদৰে মত বিনিময় কৰিছে। এই মত বিনিময়ৰ বিষয়বস্তু হৈছে দেশৰ অৰ্থনীতিক পুনৰুদ্ধাৰ। কিছুদিন পূৰ্বে ৰাহুলে অৰ্থনীতিক পুনৰুদ্ধাৰ সম্পৰ্কত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজনৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত সম্প্ৰতি তেওঁ অৰ্থনীতিৰ নবেল বঁটাপ্ৰাপ্ত অভিজিত বিনায়ক বেনাৰ্জীৰ সৈতে মত বিনিময়ৰ যো-জা চলাইছে। আজি মঙলবাৰে নিশা দুয়োৰে বাৰ্তালাপৰ ভিডিঅ ক্লিপ প্ৰচাৰ কৰা হব। এই ক্লিপ ১.৪৪ মিনিট দৈৰ্ঘ্যৰ। উল্লেখ্য যে দেশজোৰা তলাবন্ধৰ পৰিপ্ৰেক্ষিতত অসমত এইবাৰ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)সংগ্ৰহ উদ্বেগজনক হাৰত হ্ৰাস পালে ৷ আনকি যোৱা বছৰৰ এই সময়ছোৱাৰ তুলনাত এইবাৰ জি এছ টি সংগ্ৰহ ৮০শতাংশ পৰ্যন্ত হ্ৰাস পাইছে৷ সংবাদমেলত মন্ত্ৰী শৰ্মাই লগতে কয় যে ২০১৯ৰ এপ্ৰিলত ৰাজ্যত ৯৩৬কোটি টকাৰ জি এছ টি সংগ্ৰহ হৈছিল ৷ কিন্তু এইবছৰৰ এপ্ৰিলত ইয়াৰ পৰিমাণ ১৯২কোটি টকালৈ হ্ৰাস পায় ৷ তৎসত্বেও চৰকাৰী চাকৰিয়ালে অহা মে'ৰ দৰমহা লাভ কৰিব বুলি তেওঁ ঘোষণা কৰে ৷

জি এছ টি সংগ্ৰহৰ পৰিমাণে হ্ৰাসে উন্নয়নমূলক কাম-কাজ বাধাগ্ৰস্ত কৰাৰ আশংকা আছে৷ ইপিনে, আৰ্থিক সংকট মোচনৰ উদ্দেশ্য ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ অৰ্থনীতিক পুনৰুদ্ধাৰৰ উদ্দেশ্য এখন সমিতি গঠন কৰা হৈছে। এই সমিতিত আঠগৰাকী অৰ্থনীতিবিদক ৰখা হৈছে।


আৰু পঢ়িব পাৰেঃ তলাবন্ধৰ শিথিলতাঃ গুৱাহাটীত স্বাভাৱিক জীৱনযাত্ৰা পুনৰ আৰম্ভ

Next Story