হেলিকপ্টাৰ দুৰ্ঘটনাঃ জেনেৰেল ৰাৱটৰ পৰিয়ালক সাক্ষাত মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী সিঙে ঘটনাৰ পাছৰ পৰিস্থিতি সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো অৱগত কৰে।
হেলিকপ্টাৰ দুৰ্ঘটনাঃ জেনেৰেল ৰাৱটৰ পৰিয়ালক সাক্ষাত মন্ত্ৰী ৰাজনাথ সিঙৰ

তামিলনাডুত প্ৰতিৰক্ষা মুৰব্বী( চি ডি এছ) বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছৰ পৰা সমগ্ৰ দেশবাসী উদ্বিগ্ন হৈ আছে। আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিজে ৰাৱটৰ পৰিয়ালক সাক্ষাত কৰি শেহতীয়া পৰিস্থতি সম্পৰ্কত অৱগত কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি তামিলনাডুৰ নীলগিৰি জিলাৰ ওটিত প্ৰতিৰক্ষা মুৰব্বীগৰাকীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। হেলিকপ্টাৰখনত ৰাৱাটৰ লগতে তেওঁৰ পত্নী আৰু সেনাৰ কেইজনমান বিষয়া আছিল।

প্ৰতিৰক্ষা মন্ত্ৰী সিঙে ঘটনাৰ পাছৰ পৰিস্থিতি সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো অৱগত কৰে। তদুপৰি তেওঁ ঘটনা সম্পৰ্কে সংসদতো বিবৃতি দিয়াৰ কথা। ইতিমধ্যে তেওঁ কেন্দ্ৰীয় কেবিনেটক ঘটনাৰ সবিশেষ জনাইছে। 

ইপিনে, সন্ধিয়া ৫ বজাত দুৰ্ঘটনাস্থলীলৈ ৰাওনা হয় তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন। বায়ু সেনাৰ মুৰব্বী বিবেক ৰাম চৌধুৰীয়েও দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে। ইতিমধ্যে ১১ জন লোকক দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com