গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰে সৈতে বাৰ্তালাপ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ

গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰে সৈতে বাৰ্তালাপ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ
Published on

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে গুৱাহাটীত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে বাৰ্তালাপ কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে গুৱাহাটী জো-ৰোডৰ চেন্ট্ৰেল মলৰ সমিপত সংঘটিত বোমা বিস্ফোৰণৰ সন্দৰ্ভত ফোন যোগে পৰিষ্ঠিতি বুজ লয় । লগতে এই বিস্ফোৰণত আহত সকল সোনকালে আৰোগ্য হবলৈ প্ৰাৰ্থনা কৰে বুলি প্ৰকাশ কৰে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীক পৰিস্থিতিৰ সন্দৰ্ভত জনাই । লগতে আৰক্ষী আৰু আন অনুসন্ধানকাৰী সংস্থা সমূহে এই ঘটনাৰ অনুসন্ধান চলাই আছে বুলি প্ৰকাশ কৰে ।

মংগলবাৰে সন্ধিয়া জো-ৰোড চেন্ট্ৰেল মলৰ সমিপত গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল । মটৰ চাইকেলত অহা দুজন যুৱকে জো-ৰোডৰ চেন্ট্ৰেল মলৰ সমিপত আৰক্ষী আৰু চিএপিএফে তালাচী থকা অবস্থাত নিৰাপত্তা ৰক্ষীলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে। এই বিস্ফোৰণত ১২ জনকৈ লোক আহত হয় । ইয়াৰে ২ জন নিৰাপত্তা ৰক্ষী আছিল । আহত সকলক জিএমচিএইচত ভৰ্তি কৰাৰ লগতে গুৱাহাটীৰ আন চিকিৎসালয় সমূহতো ভৰ্তি কৰোৱা হয় ।

আহত দুজন এচ এচ বি জোৱানৰ নাম হৈছে এ এচ আই ৰমেশ লাল আৰু কনিষ্টবল অমুল্য লালান । দুয়োজনে জি এম চি এইচত চিকিৎসাধীন হৈ আছে। গোলাঘাটৰ ফাৰদিন হুছেইন ৰহমান (২১) , গুৱাহাটীৰ গীত নগৰৰ অমিত কুমাৰ কান্থাল, অমিত কুমাৰৰ জীয়াৰী ৰিয়া কান্থাল (১৫) , চুলতান জাহিদুৰ ৰহমান (৫২), বিজয় কুমাৰ চাও (২২), কল্যাণ বৈশ্য (২৮), হিৰক জ্যোতি বৰুৱা(২৬), লালা কুমাৰ য়াদব (১৬), এডৱাদ হামাৰ (১৮) এই বিস্ফোৰণত আহত হৈছে ।

বৃহস্পতি বাৰে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত পাঞ্জাবাৰীৰ নামঘৰ পথৰ পৰা প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক আটক কৰে। লগতে ৪০ কেজিৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰাৰ লগতে 9 mm পিষ্টল, ২৫ জাই সক্ৰিয় গুলী, আলফাৰ নোটপেড আৰু এখন বাইক জব্দ কৰিবলৈ সক্ষম হৈছে ।বাইক খনৰ নম্বৰ হৈছে As 01 DQ 4420 ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com