Begin typing your search above and press return to search.

তলাবন্ধৰ শিথিলতাঃ আংশিকভাবে ৰেস্তোৰাঁ মুকলি, হোম ডেলিভাৰী আৰম্ভ

কিন্তু কোনো গ্ৰাহকক কোনো ৰেস্তোৰাঁই পূৰ্বৰ লেখীয়াকৈ বহুৱাই ৰেস্তোৰাঁত খাদ্য ভোজন বা চাহ-কপি আদি পান কৰাব নোৱাৰিব। তাৰ পৰিৱৰ্তে ৰেস্তোৰাঁৰ পৰা ক্ৰয় কৰা খাদ্য-সামগ্ৰী ঘৰলৈ নিব লাগিব। ইয়ালৈকেহে চৰকাৰে অনুমতি দিছে।

তলাবন্ধৰ শিথিলতাঃ আংশিকভাবে ৰেস্তোৰাঁ মুকলি, হোম ডেলিভাৰী আৰম্ভ

RaktimBy : Raktim

  |  4 May 2020 10:29 AM GMT

যোৱা ২৪ মাৰ্চৰ পৰা আৰোপিত তলাবন্ধ(লক-ডাউন)ৰ নীতি-নিয়ম শিথিল গ্ৰীণ জ'নৰ জিলাসমূহত আজি সোমবাৰৰ কিছু শিথিল কৰিছে ৰাজ্য চৰকাৰে। লক-ডাউনৰ শিথিল কৰা নীতি-নিয়মৰ অংশস্বৰূপে আংশিকভাবে ৰেস্তোৰাঁ পুনৰ মুকলিৰ অনুমতি দিছে চৰকাৰে। কিন্তু কোনো গ্ৰাহকক কোনো ৰেস্তোৰাঁই পূৰ্বৰ লেখীয়াকৈ বহুৱাই ৰেস্তোৰাঁত খাদ্য ভোজন বা চাহ-কপি আদি পান কৰাব নোৱাৰিব। তাৰ পৰিৱৰ্তে ৰেস্তোৰাঁৰ পৰা ক্ৰয় কৰা খাদ্য-সামগ্ৰী ঘৰলৈ নিব লাগিব। ইয়ালৈকেহে চৰকাৰে অনুমতি দিছে। একেদৰে ঘৰত অৰ্ডাৰ অনুসৰি খাদ্য যোগান ধৰা বা হোম ডেলিভাৰী দিয়া প্ৰতিষ্ঠানসমূহ মুকলিৰ অনুমতি দিছে চৰকাৰে। দেওবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে, আজিৰ পৰা গুৱাহাটীত স্বাভাৱিক জীৱনযাত্ৰা পুনৰ আৰম্ভ হৈছে। চৰকাৰী সিদ্ধান্ত অনুসৰি আজিৰ পৰা পৰিবহন নিগম(এ এছ টি চি)ৰ ৫০ শতাংশ বাছৰ চলাচল আৰম্ভ হৈছে। একেদৰে স্কুটাৰ-মটৰ চাইকেল, ৰিক্সা, অট'ৰিক্সাৰো চলাচল আৰম্ভ হৈছে। অৱশ্যে দূৰত্ব বৰ্তাই ৰাখিবলগীয়া হৈছে সকলোৱে। এনেদৰে মহানগৰীলৈ পূৰ্বৰ প্ৰাত্যাহিকতাৰ একপ্ৰকাৰ প্ৰত্যাৱৰ্তন ঘটিছে।ৰাজ্যৰ অধিকাংশ জিলা ক'ৱিড-১৯ৰ গ্ৰীণ মণ্ডল হোৱাৰ পৰিপ্ৰেক্ষিতত আজি সোমবাৰৰ পৰা কিছু পৰিমাণে শিথিল কৰা হৈছে লকডাউন। অৱশ্যে ৰাজ্যৰ কিছুসংখ্যক জিলা যেনে‌ মৰিগাঁও, বঙাইগাঁও, ধুবুৰী আৰু গোৱালপাৰাত এই শিথিলতা নাথাকিব । কাৰণ এই জিলা কেইখনত কৰনা আক্ৰান্ত আছে। স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত লক-ডাউন শিথিল কৰাৰ উদ্দেশ্যে হ'ল ৰাজ্যত আৰ্থিক কাম-কাজ পুনৰ আৰম্ভ কৰা যাতে ক'ৱিড-১৯-এ কৰা ক্ষতি ৰোধ কৰিব পৰা যায়। দেওবাৰে এখন‌ সংবাদমেলত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত লক-ডাউন শিথিল কৰাৰ উদ্দেশ্যে হ'ল ৰাজ্যত আৰ্থিক কাম-কাজ পুনৰ আৰম্ভ কৰা যাতে ক'ৱিড-১৯-এ কৰা ক্ষতি ৰোধ কৰিব পৰা যায়। ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ অৰ্থনীতিক পুনৰুদ্ধাৰৰ উদ্দেশ্য এখন সমিতি গঠন কৰা হৈছে। এই সমিতিত আঠগৰাকী অৰ্থনীতিবিদক ৰখা হৈছে। মন্ত্ৰী শৰ্মাই কয় যে এই লক-ডাউনৰ সময়চোৱাত ১৭ মে'লৈ ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে। এই সান্ধ্য আইনৰ সময়চোৱাত কেৱল জৰুৰীকালীন সেৱাসমূহৰ যান-বাহনকহে চলাচল কৰাৰ অনুমতি দিয়া হ'ব । এই অত্যাৱশ্যকীয় সেৱাসমূহৰ‌ ভিতৰত আছে অগ্নি-নিৰ্বাপক বাহিনী , এম্বুলেন্স, স্বাস্থ্যকৰ্মী, সংবাদ মাধ্যমৰ লোক আদি।

লক-ডাউনৰ সময়চোৱাত যি সকল লোকে মাস্ক আৰু সামাজিক দূৰত্ব মানি নচলে তেওঁলোকৰ বিৰুদ্ধে প্ৰশাসণ কঠোৰ হ'ব । স্বাস্থ্য সম্বন্ধীয় জৰুৰীকালীনৰ বাহিৰে আন কোনো কাৰণত ১২ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰৰ ওপৰৰ বৃদ্ধ ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব ।

শৰ্মাই কয় যে আজি সোমবাৰৰ পৰা ডাক্তৰ ক্লিনিক , ব্যক্তিগত চিকিৎসালয়, ব্যক্তিগত লেবছ আদিৰে পৰা খুলিব যদিও ৫ বজাৰ আগত বন্ধ কৰিব লাগিব।

তেওঁ কয় যে বাৰ, চেলুন , বিউটি পাৰ্লাৰ আদি খুলাৰ অনুমতি দিয়া নহয় যদিও বিউটিচিয়ান সকলে কোনো ব্যক্তিৰ ঘৰত গৈ সৌন্দৰ্য চৰ্চা কৰিব পাৰে।

আৰু পঢ়িব পাৰেঃ তলাবন্ধৰ শিথিলতাঃ গুৱাহাটীত স্বাভাৱিক জীৱনযাত্ৰা পুনৰ আৰম্ভ https://assamese.sentinelassam.com/শীৰ্ষ-বাতৰি/relaxation-of-lockdown-normalcy-returns-to-guwahati-470637

Next Story