প্ৰতিশোধৰ কাহিনী !২৫০টাকৈ কুকুৰক হত্যা কৰি ল'লে প্ৰতিশোধ, অৱশেষত বন বিভাগে বন্দী কৰিলে ২টা বান্দৰক

খবৰ অনুসৰি ২৫০ তকৈও অধিক কুকুৰ হত্যাৰ সৈতে জড়িত দুটা বান্দৰক বন্দী কৰা হৈছে ।
প্ৰতিশোধৰ কাহিনী !২৫০টাকৈ কুকুৰক হত্যা কৰি ল'লে প্ৰতিশোধ, অৱশেষত বন বিভাগে বন্দী কৰিলে ২টা বান্দৰক
Published on

এশ গৰু মাৰিলে বাঘৰো মৰণ বুলি এষাৰ ফকৰা যোজনা আছে। এই কথাষাৰ যেন প্ৰযোজ্য হ'ল এই আজৱ ঘটনাত ।

ৰাজ্যখনৰ বীডৰ বন বিভাগে ২৫০ টা কুকুৰক প্ৰতিশোধমূলকভাৱে হত্যা কৰাৰ ঘটনাৰ সৈতে জড়িত দুটা বান্দৰক আবদ্ধ কৰে।

বীডৰ বন বিষয়া শচীন কান্দে সংবাদ সংস্থা ANI ক জনোৱা অনুসৰি কুকুৰ হত্যাৰ সৈতে জড়িত দুটা বান্দৰক বীডৰ নাগপুৰ বন বিভাগৰ দলে বন্দী কৰি অৰণ্যত এৰি দিবলৈ নাগপুৰলৈ স্থানান্তৰিত কৰিছে।

কেইবাখনো প্ৰতিবেদন অনুসৰি, কেইটামান কুকুৰে এটা কেঁচুৱা বান্দৰক হত্যা কৰাৰ পিছত বান্দৰবোৰে প্ৰতিশোধ লোৱাৰ বাবে এই নাভ্ৰূত-নাশ্ৰুত ঘটনা সংঘটিত কৰে ।

স্থানীয় গাঁওবাসীয়ে প্ৰকাশ কৰা মতে, বান্দৰবোৰে অঞ্চলটোৰ কুকুৰৰ পোৱালীবোৰ লৈ যায় আৰু অতি উচ্চ ঠাইৰ পৰা তললৈ দলিয়াই হত্যা কৰে। বিগত কিছু মাহত এনেদৰে বান্দৰে ২৫০ টাৰো অধিক কুকুৰ হত্যা কৰিছে।

গাঁওবাসীয়ে সদৰী কৰা মতে, লাভুল গাঁৱত বান্দৰবোৰে নিজৰ পোৱালিৰ সৈতে বাস কৰি আহিছে। কিন্তু কিছু মাহ পূৰ্বে অঞ্চলটোৰ কেইটামান কুকুৰে এটা বান্দৰ পোৱালিক হত্যা কৰাৰ পিছতে বান্দৰবোৰেও প্ৰতিশোধ ল'বলৈ আৰম্ভ কৰে ।

আনহাতে শেহতীয়াকৈ বান্দৰবোৰে গাঁওখনৰ স্কুলীয়া ল'ৰা-ছোৱালীকো আক্ৰমণ কৰিবলৈ লোৱাত শংকিত হৈ গাঁওবাসীয়ে বন বিভাগক খবৰ দিয়ে। তাৰ পিছতে বন বিভাগৰ দলে কুকুৰ সংহাৰ চলোৱা দুটা বান্দৰক বন্দী কৰিবলৈ সক্ষম হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com