কাজিৰঙাত পুনৰ গঁড় হত্যাঃ কাটি নিলে খড়্গ

ঘটনা সংক্ৰান্তত বিশ্বনাথত এজন সন্দেহযুক্ত চোৰাংচিকাৰীক আটক কৰা হৈছে।
কাজিৰঙাত পুনৰ গঁড় হত্যাঃ কাটি নিলে খড়্গ

চোৰাংচিকাৰীৰ হাতত পুনৰ প্ৰাণ হেৰুৱালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এজনী গঁড়ে। প্ৰাপ্ত তথ্য অনুসৰি আজি উদ্যানখনৰ বনৰক্ষীয়ে কাজিৰঙা বনাঞ্চলত গবৰাইৰ মেটেকাবিলত এজনী গুলিবিদ্ধ গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰে। চোৰাংচিকাৰীয়ে গঁড়জনীৰ খড়্গ কাটি লৈ যায়। গঁড়জনীৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা বনৰক্ষীয়ে ৩০৩ ৰাইফলৰ ছটা খালী কাৰ্টিজ উদ্ধাৰ কৰে।

বনৰক্ষীৰ সূত্ৰই জনোৱা মতে, কালি বিয়লি ৩ বজাত বনৰক্ষীয়ে ছজাঁই গুলি ফুটাৰ শব্দ শুনিবলৈ পায়। আনহাতে, ঘটনা সংক্ৰান্তত বিশ্বনাথত এজন সন্দেহযুক্ত চোৰাংচিকাৰীক আটক কৰা হৈছে। ঘটনাৰ তদন্ত অব্যাহত আছে।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com