প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক কোৱাৰেণ্টিনলৈ প্ৰেৰণ

সম্প্ৰতি বৰা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত কোৱাৰেণ্টিনত আছে
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক কোৱাৰেণ্টিনলৈ প্ৰেৰণ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক কোৱাৰেণ্টিনলৈ প্ৰেৰণ

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক কোৱাৰেণ্টিনলৈ প্ৰেৰণ কৰা হৈছে। অলপতে দিল্লীৰ পৰা ৰেলত আহি বৰা গুৱাহাটীত উপস্থিত হয়৷ তাৰ পাছতে তেওঁক নিয়মানুসৰি কোৱাৰেণ্টিনলৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি বৰা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত কোৱাৰেণ্টিনত আছে ৷ এই কথা সদৰী কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই সাংবাদিকক কয় যে তেওঁ নতুন দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে গুৱাহাটীৰ সৰুসজাইত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ তাৰ পাছতে তেওঁ হোটেল ৰেডিছন ব্লুলৈ যাত্ৰা কৰে ৷ সম্প্ৰতি তেওঁ তাত কোৱাৰেণ্টিনত আছে ৷ আনহাতে, আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২১৬জনলৈ বৃদ্ধি পাইছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com