Begin typing your search above and press return to search.
আই পি এল টি-২০ঃ অনুশীলনত ব্যস্ত অসমৰ ৰিয়ান পৰাগ
ৰিয়ানক বহু অভিজ্ঞ ক্ৰিকেটাৰে যথেষ্ট প্ৰতিভাবান ক্ৰিকেটাৰৰূপে আখ্যা দিছে ৷

১৯ছেপ্টেম্বৰৰ পৰা ত্ৰয়োদশ আই পি এল টি-২০ আৰম্ভ হ'ব ৷ আই পি এল-টি-২০ত খেলাৰ বাবে অসমৰ প্ৰতিভাবান ক্ৰিকেটাৰ ৰিয়ান পৰাগে অনুশীলন কৰি আছে ৷ এইবাৰৰ আই পি এল অৰ্থাৎ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মেচসমূহ তিনিটা স্থান ক্ৰমে শ্বাৰজাহ, আবু ধাবি আৰু ডুবাইত অনুষ্ঠিত হ'ব ৷
এইবাৰৰ আই পি এলত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ খেলিব ৷ প্ৰাক্তন ক্ৰিকেটাৰ পৰাগ দাস আৰু সাঁতোৰ ৰাণী মিঠু বৰুৱাৰ পুত্ৰ ৰিয়ানক বহু অভিজ্ঞ ক্ৰিকেটাৰে যথেষ্ট প্ৰতিভাবান ক্ৰিকেটাৰৰূপে আখ্যা দিছে ৷
Next Story