তলাবন্ধত সাহিত্য সভাৰ উদ্যোগঃ অসমীয়া ভাষাৰ সমৃদ্ধিকৰণৰ বাবে ৱিকিপিডিয়াত লিখাত ব্যস্ত বহুজন

 তলাবন্ধত সাহিত্য সভাৰ উদ্যোগঃ অসমীয়া ভাষাৰ সমৃদ্ধিকৰণৰ বাবে ৱিকিপিডিয়াত লিখাত ব্যস্ত বহুজন
Published on

তলাবন্ধত সাহিত্য সভাৰ উদ্যোগঃ অসমীয়া ভাষাৰ সমৃদ্ধিকৰণৰ বাবে ৱিকিপিডিয়াত লিখাত ব্যস্ত বহুজন

অসমীয়া অধিক সমৃদ্ধিশালীকৰণৰ বিশেষ উদ্যোগ গ্ৰহণ কৰিছে অসম সাহিত্য সভাই। ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দেশজোৰা তলাবন্ধৰ সময়ছোৱাত সাহিত্য সভাই অসমীয়া ৱিকিপেডিয়াত ৰচনা-প্ৰৱন্ধ বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে। এনেদৰে ভাষা-জননীক সমৃদ্ধিশালীকৰণত সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে সাহিত্য সভাই। এই ক্ষেত্ৰত মূল ভূমিকা পালন কৰিছে সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই। শইকীয়াই জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বহু অসমীয়া মানুহে অসমীয়া ৱিকিপেডিয়াত লিখাত ব্যস্ত হৈছে। বিদেশত বাস কৰা বহু প্ৰবাসী অসমীয়ায়ো ভাষা-জননীলৈ সেৱা আগবঢ়াই তলাবন্ধৰ সময়ছোৱাত অসমীয়া ৱিকিপেডিয়াত গল্প-প্ৰৱন্ধ ৰচনা কৰিছে বা আন ভাষাৰ পৰা অনুবাদ কৰিবলৈ লৈছে। ইয়াৰ জৰিয়তে অসমীয়া ভাষাক অধিক সমৃদ্ধিশালী কৰাৰ উদ্যোগ লৈছে সাহিত্য সভাই। উল্লেখ্য যে ২০০২ৰ দুই জুনত অসমীয়া ৱিকিপেডিয়া মুকলি হয়। তাৰ পাছৰে পৰা বহুজনে ৱিকিপেডিয়াত লিখা-মেলা কৰি আহিছে যদিও বহু ভাষাৰ তুলনাত অসমীয়া ৱিকিপেডিয়াত ৰচনা-প্ৰৱন্ধৰ সংখ্যা নগন্য। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সাহিত্য সভাৰ সভাপতি শইকীয়াই অসমীয়া ৱিকিপেডিয়াত লিখিবলৈ সকলোকে আহ্বান জনায়। কিছুদিন পূৰ্বে এই আহ্বান জনাই সাহিত্য একাডেমী বঁটাপ্ৰাপক শইকীয়াই এটা ফে’চবুক আপডেটত কয়, "ইণ্টানেটৰ যুগত অসমীয়া ভাষাটোক ডিজিটেল মাধ্যমত সমৃদ্ধ কৰিবলৈ ৱিকিপিডিয়াত লিখাটো অতি প্ৰয়োজন৷ ২০০২ চনতে অসমীয়া ৱিকিপিডিয়া মুকলি কৰা হৈছিল, কিন্তু আজিকোপতি ইয়াত লিখা মেলা কৰা লোকৰ সংখ্যা যথেষ্ট কম৷ আন ভাৰতীয় ভাষাসমূহৰ লগত ফেৰ মাৰিবলৈ অসম সাহিত্য সভাই অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰ বৃদ্ধিৰ বিষয়টোত যথেষ্ট গুৰুত্ব দিছে”৷বিশিষ্ট সাহিত্যিকগৰাকীয়ে আৰু কয়, “

আপোনালোকে সাধ্যানুসাৰে জাতি আৰু ভাষাৰ হকে কাম কৰিবলৈ অসমীয়া ৱিকিপিডিয়াৰ দৰে মাধ্যমসমূহত প্ৰবন্ধ লিখাৰ চেষ্টা কৰিব পাৰে৷ ৱিকিপিডিয়াত আপোনালোকে নতুন নতুন প্ৰবন্ধ যোগ দিব পাৰিব, প্ৰয়োজন হ'লে ইংৰাজীৰ পৰা অনুবাদ কৰিব পাৰিব৷ অসমৰ নানা ঠাইত অসমীয়া ৱিকিপিডিয়াৰ কৰ্মশালা অনুষ্ঠিত কৰাও আমাৰ আন এক পৰিকল্পনা”।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com