

মন্ত্ৰী-সাংসদ-বিধায়কৰ বিৰুদ্ধে ৰুজু হৈ থকা অপৰাধৰ গোচৰসমূহৰ বিচাৰ খৰতকীয়া কৰাৰ পোষকতা কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে ৷ এই গোচৰসমূহৰ বিচাৰ খৰতকীয়া কৰাৰ উপায় বা ব্লু-প্ৰিণ্ট প্ৰস্তুত কৰিবলৈ উচ্চ ন্যায়ালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহৰ বিচাৰৰ বাবে আন্তঃগাঁথনিৰ সুবিধা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰেও সন্মতি প্ৰকাশ কৰিছে।
জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা অপৰাধৰ গোচৰৰ বিচাৰ সম্পৰ্কীয় এখন আবেদনৰ শুনানী গ্ৰহণ কৰি বুধবাৰে ন্যায়াধীশ এন ভি ৰামান্না, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হৃষিকেশ ৰয়ৰ এখন বিচাৰপীঠে মন্তব্য কৰে যে বিভিন্ন কাৰণত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহৰ বিচাৰ হোৱা নাই৷ এনে কাৰণসমূহ হৈছে লোক অধিবক্তা (Public Prosecutor)মকৰল নকৰা, অভিযোগনামা দাখিল নকৰা আৰু সাক্ষীক আমন্ত্ৰণ নজনোৱা ৷ বিচাৰপীঠখনে এইবুলিও মন্তব্য কৰে যে বহু সময়ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে মাথোঁ গোচৰহে ৰুজু কৰে ৷ তাৰ পৰৱৰ্তী পদক্ষেপৰূপে একো নকৰে ৷ তিনিজনীয়া বিচাৰপীঠখনে এই শুনানী গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ এমিকাছ কিউৰী বিজয় হান্সাৰিয়াই দাখিল কৰা তদন্তৰ অগ্ৰগতি প্ৰতিবেদনক লৈ।
উল্লেখ্য যে অসমৰ ১৪খন জিলাত এনেধৰণৰ ৩৫টা গোচৰ ৰুজু হৈ আছে ৷ ইয়াৰে ২৫টা গোচৰত বৰ্তমানে কাৰ্যনিৰ্বাহ কৰি থকা জনপ্ৰতিনিধি অভিযুক্ত হৈ আছে ৷ মুঠ ১২টা গোচৰ যাৱজ্জীৱন কাৰবাসৰ শাস্তিযোগ্য অপৰাধৰ। ইয়াৰে আঠটা গোচৰ বৰ্তমানে কাৰ্যনিৰ্বাহ কৰি থকা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ আছে ৷
আনহাতে, এই ৩৫টা গোচৰৰ ৫টা জনপ্ৰতিনিধিত্ব আইনৰ অধীনত ৰুজু হৈ আছে ৷ আন পাঁচটা ১৯৫৯ৰ অস্ত্ৰ আইনৰ অধীনত ৰুজু হৈ আছে ৷ ইতিমধ্যে ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰি উচ্চতম ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰা দেশৰ ছলিচিটৰ জেনেৰল তুষাৰ মেহতাই ন্যায়ালয়ত অৱগত কৰে যে জনপ্ৰতিনিধিত্ব আইন আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ গোচৰসমূহৰ বিচাৰক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব ৷
আৰু পঢ়িব পাৰেঃ দুৰ্গাপূজাঃ ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা জাৰি