Begin typing your search above and press return to search.

উচ্চ ৰক্তচাপজনিত কাৰণত চিকিৎসালয়ত ভৰ্তি কণ্ঠশিল্পী জুবিন গাৰ্গ

উচ্চ ৰক্তচাপজনিত কাৰণত চিকিৎসালয়ত ভৰ্তি কণ্ঠশিল্পী জুবিন গাৰ্গ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2021 7:39 AM GMT


স্বাস্থ্যজনিত সমস্যাৰ বাবে বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা চিকিৎসালয় ভৰ্তি কৰোৱা হয় প্ৰসিদ্ধ কণ্ঠশিল্পী জুবিন গাৰ্গক। চিকিৎসা প্ৰদান কৰা চিকিৎসকসকলৰ মতে উচ্চ ৰক্তচাপৰ সমস্যাত ভুগিছে কণ্ঠশিল্পীগৰাকী।

চিকিৎসকে জনোৱা মতে, সম্প্ৰতি সংকটমুক্ত অৱস্থাত আছে জুবিন । শীঘ্ৰেই স্বাস্থ্যৰ উন্নতি ঘটিছে কণ্ঠশিল্পীগৰাকীৰ।

খবৰ অনুসৰি বৃহস্পতিবাৰে দুপৰীয়াৰে পৰা অসুস্থ অনুভৱ কৰি আছিল জুবিনে। পাছত তেওঁৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাত পৰিয়ালৰ লোকে তেওঁক ততাতয়াকৈ নিশা ১০: ৪৫বজাত চিকিৎসালয়ত ভৰ্তি কৰায়।

আয়ুৰসুন্দ্ৰা চিকিৎসালয়ত এটি বিশেষ চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষণ তথা উচ্চ চিকিৎসা প্ৰদান কৰিছে কণ্ঠশিল্পীগৰাকীক। তথ্য অনুসৰি এই চিকিৎসকৰ দল কিছু বিশেষজ্ঞৰ।

অন্য কোনো ৰোগত ভোগাৰ আশংকাত ই. চি জি. আৰু অন্য বহুতো পৰীক্ষা কৰা হৈছে যদিও বৰ্তমানলৈকে কোনো আন সমস্যা পৰিলক্ষিত হোৱা নাই কণ্ঠশিল্পীগৰাকীৰ দেহত।

আৰু পঢ়িব পাৰেঃ শাড়ী পৰিধান কৰি মিলানবাসীৰ অন্তৰ জয় কৰিলে কলকাতাৰ এজন ব্যক্তিয়ে

Next Story
চাকৰি