Begin typing your search above and press return to search.

ক'ৱিড-১৯ল'কডাউনঃ প্ৰব্ৰজনকাৰী শ্ৰমিকক দুমাহলৈ বিনামূল্যে খাদ্য-বস্তু

২০ লাখ কোটি টকীয়া পেকেজৰ সবিশেষ ব্যাখ্যা কৰি আছে বিত্ত মন্ত্ৰী সীতাৰমণে

কৱিড-১৯লকডাউনঃ প্ৰব্ৰজনকাৰী শ্ৰমিকক দুমাহলৈ বিনামূল্যে খাদ্য-বস্তু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-05-14T19:09:41+05:30

ক'ৱিড-১৯ল'কডাউনঃ প্ৰব্ৰজনকাৰী শ্ৰমিকক দুমাহলৈ বিনামূল্যে খাদ্য-বস্তু

ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তলাবন্ধৰ সময়ত দেশৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ দুৰ্বিসহ সময় পাৰ কৰিবলগীয়া হোৱা দৰিদ্ৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকললৈ অৱশেষত বৃহৎ সকাহ ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ আজি বিয়লি চাৰি বজাত সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক দুমাহৰ বাবে বিনামূলীয়া খাদ্যবস্তু যোগান ধৰা হ'ব বুলি ঘোষণা কৰে ৷ ইয়াৰ বাবদ কেন্দ্ৰৰ ৩৫শ কোটি টকা ব্যয় হ'ব বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ উল্লেখ্য যে মঙলবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকীয়া পেকেজৰ সবিশেষ ব্যাখ্যা কৰি আছে বিত্ত মন্ত্ৰী সীতাৰমণে ৷ কালিও তেওঁ সংবাদমেল সম্বোধন কৰি ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ-প্ৰতিষ্ঠানকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ চৰকাৰী সকাহ ঘোষণা কৰে ৷ তদুপৰি ২০১৯-২০ৰ আয়কৰ পৰিশোধৰ অন্তিম সীমা অহা নৱেম্বৰলৈ বৃদ্ধি কৰে ৷ আজি সংবাদমেলত বিত্ত মন্ত্ৰী সীতাৰমনে কয় যে দুমাহৰ বাবে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক খাদ্যবস্তু যোগান ধৰা হ'ব ৷ ইয়াৰ বাবদ ৩৫শ কোটি টকা ব্যয় হ'ব ৷ ইয়াৰ জড়িয়তে সমগ্ৰ দেশত আঠ কোটি প্ৰব্ৰজনকাৰী শ্ৰমিক উপকৃত হ'ব ৷ এই আঁচনিৰ অধীনত কোনো ৰাজ্যৰ হিতাধিকাৰীৰ কাৰ্ড নথকা শ্ৰমিকসকলক দাইল আৰু এক কিলোগ্ৰামকৈ বুট আদি যোগান ধৰা হ'ব ৷

ইয়াৰ পূৰ্বে কালি কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে সংবাদমেলত MSME অৰ্থাৎ ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ সংজ্ঞা সলনি কৰাৰ কথা ঘোষণা কৰে। সেই অনুসৰি ১ কোটি মূলধন আৰু ১০ কোটিৰ টাৰ্ন অভাৰ হোৱা উদ্যোগসমূহক অতি ক্ষুদ্ৰ, ১০ কোটিৰ মূলধন আৰু ৫০ কোটিৰ টাৰ্ন অভাৰ হোৱা উদ্যেগসমূহক ক্ষুদ্ৰ আৰু ২০ কোটিৰ মূলধন তথা ১০০ কোটিৰ টাৰ্ন অভাৰ হোৱা উদ্যোগসমূহক মধ্যমীয়া উদ্যোগ হিচাপে ধৰা হ'ব। উল্লেখ্য যে পূৰ্বে নিৰ্মাণ খণ্ডত ২৫ লাখৰ মূলধন আৰু সেৱা খণ্ডত ১০ লাখ টকাৰ মূলধন বিনিয়োগ কৰা উদ্যোগক অতি ক্ষুদ্ৰ, ৫ কোটি আৰু ২ কোটি বিনিয়োগ কৰা উদ্যেগক ক্ষুদ্ৰ উদ্যোগ হিচাপে ধৰা হৈছিল।

আৰু পঢ়িব পাৰেঃ গুৱাহাটীত নটা কণ্টেইনমেণ্ট জ'নঃ সবিশেষ জানো আহক


Next Story