Begin typing your search above and press return to search.

ক্ষুদ্ৰ-অতি ক্ষুদ্ৰ, মধ্য়মীয়া উদ্যোগলৈ বন্ধকী অবিহনে ঋণঃ সীতাৰমণ

ক্ষুদ্ৰ-অতি ক্ষুদ্ৰ, মধ্য়মীয়া উদ্যোগলৈ বন্ধকী অবিহনে ঋণঃ সীতাৰমণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-05-13T17:36:52+05:30

লঘূ-ক্ষুদ্ৰ, মধ্য়মীয়া উদ্যোগলৈ বন্ধকী অবিহনে ঋণঃ সীতাৰমণ

ক'ৰ'না মহামাৰীয়ে বিধ্বস্ত কৰা দেশৰ অৰ্থনীতিক পুনৰুদ্ধাৰৰ বাবে কেন্দ্ৰই সকাহ ঘোষণা কৰিছে ৷ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০লাখ টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰে ৷ এই আৰ্থিক পেকেজৰ সবিশেষ বাখ্যা কৰি আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ-প্ৰতিষ্ঠান(MSME)সমূহক বন্ধকী বা collateralঅবিহনে ঋণ প্ৰদান কৰা হ'ব ৷ ইয়াৰ বাবদ তিনি লাখ কোটি টকা ব্যয় হব। চাৰি বছৰলৈ MSME সমূহক বন্ধকী অবিহনে ঋণ প্ৰদান কৰা হব। তদুপৰি দুশ কোটি টকাৰ চৰকাৰী ঠিকালৈকে বিদেশী বা বহুজাতিক প্ৰতিষ্ঠানক ভাৰতত ঠিকা ল'বলৈ দিয়া নহ'ব ৷ বিত্তমন্ত্ৰীয়ে এই আৰ্থিক পেকেজৰ বাখ্যা আগবঢ়োৱাৰ প্ৰাক-মূহুৰ্তত দেশৰ শ্বেয়াৰ বজাৰসমূহৰ সূচকাংক বৃদ্ধি পায়।

ইয়াৰ পূৰ্বে যোৱানিশা ৮বজাত প্ৰধানমন্ত্ৰী দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে ৷ এই ভাষণৰ সময়তে তেওঁ ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰে ৷ ভাষণত মোদীয়ে কয় যে এই ধনৰ দেশৰ প্ৰতিজন দৰিদ্ৰ নাগৰিক, প্ৰতিটো ক্ষুদ্ৰ, মজলীয়া আৰু অতি ক্ষুদ্ৰ উদ্যোগ-প্ৰতিষ্ঠানে লাভ কৰিব ৷ এই ধন আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ শীৰ্ষক এক আঁচনিৰ অধীনত মুকলি কৰা হ'ব বুলি মোদীয়ে ঘোষণা কৰে ৷ লগতে তেওঁ এই ভয়ংকৰ সংকটৰ সময়ত দেশবাসীক সংকল্পবদ্ধ হৈ থাকিবলৈ আহ্বান জনাই কয়, "ক'ৰ'নাৰ বিৰুদ্ধে আমাৰ ভাৰতৰ জয় নিশ্চিত ৷ অতীততো ভাৰতে এনে বহু সংকট হেলাৰঙে অতিক্ৰম কৰিছে ৷ মোৰ প্ৰিয় দেশবাসী সংকল্পবদ্ধ হৈ থাকক"

আৰু পঢ়িব পাৰেঃ ক'ৰ'না সংকটঃ ২০লাখ কোটি টকাৰ পেকেজ ঘোষণা প্ৰধানমন্ত্ৰীৰ

Next Story