Begin typing your search above and press return to search.

অসমত আৰু এজন ক'ৰ'না আক্ৰান্ত চিনাক্ত, শিৱসাগৰৰ ছাত্ৰ পজিটিভ

অসমত এতিয়ালৈকে ৯৫ গৰাকী লোকৰ শৰীৰত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ

অসমত আৰু এজন কৰনা আক্ৰান্ত চিনাক্ত, শিৱসাগৰৰ ছাত্ৰ পজিটিভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 May 2020 6:21 AM GMT

অসমত আৰু এজন ক'ৰ'না আক্ৰান্ত চিনাক্ত, শিৱসাগৰৰ ছাত্ৰৰ শৰীৰত মাৰাত্মক ভাইৰাছ

অসমত আৰু ক'ৰ'না আক্ৰান্ত চিনাক্ত হৈছে। এই ক'ৰ'না আক্ৰান্তজন হ'ল শিৱসাগৰৰ গেলেকীৰ এজন যুৱক। প্ৰাপ্ত তথ্য অনুসৰি যুৱকজনৰ বয়স ১৯ বছৰ। তেওঁ দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰি আছিল। যোৱা ১১ মে'ত তেওঁ অসমলৈ আহে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশা ২.৩৩ বজাত টুইটাৰ যোগে এই যুৱকজনৰ শৰীৰত ক'ৱিড-১৯ ধৰা পৰাৰ কথা প্ৰকাশ কৰে।

যুৱকজনৰ লগতে আটাইকেইজন ব্যক্তিক যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টিন চেন্টাৰত ৰখা হৈছিল। ইতিমেধ্যে তেওঁক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আনহাতে, অসমত এতিয়ালৈকে ৯৫ গৰাকী লোকৰ শৰীৰত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ। ইয়াৰে ৫০ গৰাকী চিকিৎসাধীন আৰু ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে। ইপিন, দুজনৰ মৃত্যু হৈছে।

Next Story