Begin typing your search above and press return to search.

অসমত ছজন চি আৰ পি জোৱানৰ শৰীৰত ক'ৰ'না ভাইৰাছ

ছজন ক’ৱিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত কৰাৰ পাছত আটাইকেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়

অসমত ছজন চি আৰ পি জোৱানৰ শৰীৰত কৰনা ভাইৰাছ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 May 2020 6:01 AM GMT

অসমত ছজন চি আৰ পি জোৱানৰ শৰীৰত ক'ৰ'না ভাইৰাছ

অসমত নিয়োজিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(চি আৰ পি এফ)ৰ ছজন জোৱানৰ শৰীৰত পোৱা গৈছে মাৰাত্মক ক'ৰ'না ভাইৰাছ। এই জোৱানকেইজন চি আৰ পিৰ এটা ৯৮জনীয়া দলৰ সৈতে দেশৰ বিভিন্ন স্থানৰ পৰা আহি অলপতে অসমত উপস্থিত হয়। জোৱানৰ দলটো বিমানেৰে অসমলৈ আহে ৷ অসমত উপস্থিত হোৱাৰ পাছতে কোৱাৰেণ্টিন কৰা হয় ৷ পাছত ছজন ক'ৱিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত কৰাৰ পাছত আটাইকেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ইপিনে, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ জি এম চি এইচ পৰিদৰ্শন কৰি ক'ৰ'না ৰোগীসকলক সৰ্বোত্তম চিকিৎসা সেৱা আগবঢ়াবলৈ চিকিৎসকসকলক পৰামৰ্শ দিছে ৷ তদুপৰি তেওঁ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল পৰিদৰ্শন কৰি তাত চিকিৎসাধীন হৈ থকা ২০ক'ৰ'না আক্ৰান্তৰো অৱস্থাৰ বুজ লৈছে ৷ উল্লেখ্য যে যোৱা ৩১মাৰ্চত অসমত প্ৰথমজন ক'ৰ'না ৰোগী ধৰা পৰে ৷ তাৰ পাছৰে পৰা ইজনৰ পাছত সিজনকৈ ক'ৰ'না ৰোগী চিনাক্ত হৈ সম্প্ৰতি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা দুই শতাধিকলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে ৪৮জন সুস্থ হৈছে ৷ অৱশ্যে দুৰ্ভাগ্যবশতঃ চাৰিজন ক'ৰ'না ৰোগী মৃত্যুমুখত পৰিছে ৷

Next Story