বিশ্বজুৰি বিকল হৈ থাকিল Snapchat: বিৰক্ত হ'ল ব্যৱহাৰকাৰী

তাৰ পাচতে Snapchatৰ গৰাকী প্ৰতিষ্ঠান Snapএ স্পষ্টীকৰণ দিয়ে যে তেওঁলোকে বিজুতি দূৰ কৰাৰ চেষ্টা কৰি আছে
বিশ্বজুৰি বিকল হৈ থাকিল Snapchat: বিৰক্ত হ'ল ব্যৱহাৰকাৰী

কালি অৰ্থাৎ ১৩ অক্টোবৰৰ পুৱতি নিশা বিশ্বজুৰি বিকল হৈ পৰে অন্যতম জনপ্ৰিয় ছ'চিয়েল নেটৱৰ্কিং ছাইট Snapchat ৷ ইয়ে বিৰক্ত কৰে বিশ্বৰ অগনন ব্যৱহাৰকাৰীক। ইয়াৰ ছাৰ্ভাৰ ডাউন হোৱাৰ ফলত এনে সমস্যাই দেখা দিয়ে ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে ফে'চবুক, ৱাটছএপ আদিৰ ক্ষেত্ৰতো এনে সমস্যাই দেখা দিছিল ৷ ফলত এনিশাতে ফে'চবুক প্ৰতিষ্ঠানে কে'বাশ কোটি টকাৰ লোকচান ভৰে ৷

Snapchatত দেখা দিয়া এই সমস্যাৰ বাবে বহু ব্যৱহাৰকাৰীয়ে প'ষ্ট আপডেট কৰিব পৰা নাছিল আৰু মেছেজো প্ৰেৰণ কৰিব পৰা নাছিল। ছ'চিয়েল নেটৱৰ্কিং ছাইটোত দেখা দিয়া সমস্যাৰ কথা উল্লেখ কৰি টুইটাৰত প'ষ্ট দিয়ে ৷ তাৰ পাচতে Snapchatৰ গৰাকী প্ৰতিষ্ঠান Snapএ স্পষ্টীকৰণ দিয়ে যে তেওঁলোকে বিজুতি দূৰ কৰাৰ চেষ্টা কৰি আছে আৰু যিমান সোনকালে সম্ভৱ হয়, সমস্যাটো সমাধান কৰিব ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com