খানাপাৰাত নিৰ্মাণৰত নতুন কোৱাৰেণ্টিন কেন্দ্ৰত দ্যা ছেণ্টিনেল ডিজিটেলৰ এভুমুকি

কেন্দ্ৰটোৰ অভ্যন্তৰ আহল-বহল আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন ৷
খানাপাৰাত নিৰ্মাণৰত নতুন কোৱাৰেণ্টিন কেন্দ্ৰত দ্যা ছেণ্টিনেল ডিজিটেলৰ এভুমুকি

ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ৰাজধানী মহানগৰ গুবাহাটীত নতুন চাৰিটা কোৱাৰেণ্টিন কেন্দ্ৰ স্থাপনৰ প্ৰস্তুতি চলাইছে। সম্প্ৰতি এই কেন্দ্ৰকেইটা নিৰ্মাণৰত অৱস্থাত আছে। ইয়াৰে প্ৰতিটো কেন্দ্ৰ এহেজাৰ বিছনাযুক্ত হ'ব ৷ শনিবাৰে দ্য ছেণ্টিনেল ডিজিটেলে এই কেন্দ্ৰসমূহৰ এটাত এভুমুকি মাৰে ৷ বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই কেন্দ্ৰসমূহ নিৰ্মাণ কৰা হৈছে ৷ খানাপাৰত নিৰ্মাণৰত কোৱাৰেণ্টিন কেন্দ্ৰত দেখিবলৈ পোৱা যায় কেনেদৰে স্বাস্থ্য বিভাগে ক'ৰ'নাৰ সংক্ৰমণৰ প্ৰতিৰোধৰ সকলো নীতি-নিয়ম মানি চলিছে ৷ কেন্দ্ৰটোৰ অভ্যন্তৰ আহল-বহল আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন ৷

তদুপৰি ইয়াত অভ্যন্তৰত বায়ুৱে চলাচল কৰিব পাৰে ৷ শৌচাগাৰ আৰু গা-ধোৱা ঘৰৰো সুন্দৰ সুবিধা আছে। এই সকলো ব্যৱস্থা অত্যাধুনিক । স্বাস্থ্য ৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে ৷ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, শীঘ্ৰে এই কেন্দ্ৰত চিকিৎসকৰ ব্যৱস্থা কৰা হ'ব ৷ চিকিৎসকে ৰোগীক সূক্ষ্মভাবে নিৰীক্ষণ কৰিব ৷ এই কেন্দ্ৰ নিৰ্মাণ সম্পৰ্কত কেন্দ্ৰটোৰ এজন নিৰ্মাণ কামৰ নিৰীক্ষক পল্লৱ ভঁৰালীয়ে কয়, " আমি ১৮ দিন পূৰ্বে এই কেন্দ্ৰ নিৰ্মাণৰ কাম হাতত লওঁ ৷ আমি ৰোগীৰ বাবে নতুন বিচনা চাদৰ, গাৰুৰ ক'ভাৰ আদি যোগান ধৰিছো ৷ এই ভৰ্তি হ'বলৈ মানুহৰ আগমন ঘটাৰ লগে লগে আমি চাবোন, টুথ ব্ৰাছ, চেম্পু, টাৱেল আদি সামগ্ৰী যোগান ধৰিম ৷" তেওঁ লগতে কয় যে এই কেন্দ্ৰৰ নিৰ্মাণ কাম চলিত মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com