Begin typing your search above and press return to search.

সামাজিক দূৰত্বঃ মানুহ নহয়,বান্দৰে দেখুৱাইছে উদাহৰণ

সামাজিক দূৰত্বঃ মানুহ নহয়,বান্দৰে দেখুৱাইছে উদাহৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 May 2020 11:06 AM GMT

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ব্ৰহ্মাস্ত্ৰৰূপে চিহ্নিত হৈছে শাৰীৰিক বা সামাজিক দূৰত্ব বৰ্তাই ৰখা।সেই অনুসৰি এই মহামাৰীৰ প্ৰাদুৰ্ভাব ঘটা দেশসমূহৰ চৰকাৰে মানুহৰ মাজৰ সামাজিক মিলা-মিচা সাময়িক বন্ধ কৰাৰ উদ্দেশ্য তলাবন্ধ বা লক-ডাউন ঘোষণা কৰিছে। এনে পন্থা অৱলম্বন কৰিবলৈ বিশ্বৰ অধিকাংশ স্বাস্থ্য বিশেষজ্ঞই পৰামৰ্শ আগবঢ়াইছে। কাৰণ ইয়াৰ জড়িয়তে এই প্ৰাণঘাটক ভাইৰাছৰ শৃংখল ভাঙিব পাৰি বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মতপোষণ কৰি আহিছে্। ভাৰত চৰকাৰেও ক'ৰ'না ভাইৰাছৰ বিষময় শৃংখল ভাঙি পেলোৱাৰ উদ্দেশ্য দেশব্যাপি তলাবন্ধ ঘোষণা কৰিছে। আশ্বৰ্যজনকভাবে এই তলাবন্ধৰ নীতি-নিয়ম বহু লোকে ভংগ কৰিছে। ইয়াৰে একাংশই উদ্ভণ্ডালিৰে আৰু আন একাংশই বিভিন্ন অজুহাত প্ৰদৰ্শনেৰে। স্বাস্থ্য বিশেষজ্ঞৰ সতৰ্কবাণীকো সমূলি গুৰুত্ব দিয়া এনে বহু লোকে। আনকি আৰক্ষীৰ লাঠিৰ কোব খোৱাৰ পাছতো একাংশ লোকে অকাৰণতে ঘৰৰ বাহিৰত বিচৰণ কৰিছে। কিন্তু ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে অৰুণাচল প্ৰদেশৰ ভালুকপুঙত। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে অলপতে টুইটাৰ একাউণ্টত এখন বিশেষ ফটো আপলোড কৰে। ফটোখনত দেখিবলৈ পোৱা গৈছে, ভালুকপুঙৰ পথত কেইটামান বান্দৰক পথাচাৰীয়ে ফল-মূল খাবলৈ দিছে। বান্দৰকেইটাই নিজৰ মাজত ব্যৱধান ৰক্ষা কৰি এই ফলমূল ভক্ষণ কৰিছে। যেন সিহঁতে সামাজিক ব্যৱধানহে বৰ্তাই চলিছে। বান্দৰকেইটাৰ আচৰণে মানুহক বহু শিক্ষা দিছে বুলি বহু টুইটাৰ ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে।

Next Story