Begin typing your search above and press return to search.

কৃষিৰ জৰিয়তেহে হ'ব অৰ্থনীতিৰ পুনৰুদ্ধাৰঃ পৰামৰ্শদাতা সমিতিৰ সৈতে বৈঠকত মুখ্যমন্ত্ৰীৰ ইংগিত

sarbananda sonowalsarbananda sonowal

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 May 2020 5:53 AM GMT

কৃষিৰ জৰিয়তেহে হ'ব অৰ্থনীতিৰ পুনৰুদ্ধাৰঃ পৰামৰ্শদাতা সমিতিৰ সৈতে বৈঠকত মুখ্যমন্ত্ৰীৰ ইংগিত

অৰ্থনৈতিক পৰামৰ্শদাতা সমিতিৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক ।‌ ৰাজ্যৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে অলপতে গঠন কৰা অৰ্থনৈতিক পৰামৰ্শদাতা সমিতিৰ সৈতে ব্ৰহ্মপুত্ৰৰ ৰাজ্যিক অতিথিশালাত এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয় ।

ক'ৱিড-১৯ ৰ ফলত সৃষ্টি হোৱা জটিল পৰিস্থিতিয়ে ৰাজ্যৰ অৰ্থনীতিলৈ নমাই অনা মন্দাৱস্থা দূৰীকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে সমিতি পৰা পৰামৰ্শ বিচাৰে।

অৰ্থনীতিৰ দ্ৰুত উত্থান আৰু নিয়োগৰ সম্ভাৱনা সৃষ্টিৰ ক্ষেত্ৰত কৃষি আৰু সংলগ্ন খণ্ডৰ গুৰুত্বৰ কথা উল্লেখ কৰি সোণোৱালে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ বাবে উপযুক্ত বজাৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

তেওঁ কয় যে বজাৰ সংযোগীকৰণৰ অভাৱেই কৃষক, বিশেষকৈ যুৱ-প্ৰজন্মক অনুত্সাহিত কৰিব পাৰে। সেয়েহে এয়া সুনিশ্চিত কৰা জৰুৰী যে কৃষকসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী নষ্ট নহয় ।‌

উৎপাদিত ক্ৰয় বিপননৰ শৃংখলা সু-সংগঠিত কৰা আৰু কৃষকসকলৰ বাবে বজাৰ ব্যৱস্থা বহনক্ষম কৰি তোলাৰ বাবে ৰূপৰেখা (ৰোডমেপ) প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সমিতিক আহ্বান জনায় । লগতে শীতল ভঁৰাল আৰু অন্যান্য সামগ্ৰী সুবিধাৰ ব্যৱস্থা কৰাটো সময়ৰ অত্যাৱশ্যকীয় বুলি উল্লেখ কৰি সমিতিক এই দিশৰ ওপৰতো গুৰুত্ব দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সোনোৱালে ।

প্ৰতিটো সংকটে সুযোগ কঢ়িয়াই আনে বুলি মন্তব্য প্ৰকাশ কৰি সোণোৱালে প্ৰণালীবদ্ধ হস্তক্ষেপৰ‌ জৰিয়তে মৎস, পশুধন, ফল মূলৰ খেতি , দুগ্ধ উৎপাদন, আদি খণ্ডত ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰি তোলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব প্ৰদান কৰে।‌ তেওঁ কয় যে ক'ৱিড-১৯ মহামাৰীৰ ফলত বাহিৰত থকা যিসকল যুৱক অসমলৈ ঘূৰি আহিছে, তেওঁলোকক আত্ম-নিয়োজনৰ সুবিধাৰে জীৱন নিৰ্বাহ কৰাৰ সুবিধা প্ৰদান কৰিব লাগিব আৰু ইয়াৰ বাবে কৃষি আৰু ইয়াৰ সম্বন্ধীয় ক্ষেত্ৰ সমূহে মহত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

ভিয়েটনাম ভ্ৰমণৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে ভিয়েটনামৰ খাদ্য-সামগ্ৰীৰ মূল সংযোজনৰ অনুশীলনৰ ওপৰত বিস্তাৰ কৰি তেওঁ কয় যে অসমে কৃষি উৎপাদিত সামগ্ৰীৰ সহায়ত চুবুৰীয়া দেশৰ বজাৰ দখল কৰিব পাৰে।

তেওঁ অৰ্থনৈতিক পৰামৰ্শদাতা সমিতিৰ সদস্যক পঞ্চায়তৰ মাধ্যমেৰে মণ্ডল নিৰ্মাণ কৰি অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ৰণনীতি তৈয়াৰ কৰাৰ বাবে আহ্বান জনায়। বিগত বৰ্ষত ৰাজ্যত ৫৮ টা আত্মসহায়ক গোটে পশুপালন ব্যৱসায়ত আত্মনিয়োগ কৰি ৯০০ কোটিৰো অধিক ধন উপাৰ্জন কৰে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে ।


অন্য খবৰ‌ পঢ়ক : ক'ৰ'নাৰ মাজতে বিশাখাপট্টনমত বিষাক্ত গেছ নিৰ্গত হৈ শিশুসহ ৮ জনৰ মৃত্যু

ভিডিঅ' প্ৰত্যক্ষ কৰক : GMC launches eviction drive against Bamboo and Meat Shops at Bhootnath Area.


Next Story