Begin typing your search above and press return to search.

স্মৃতি দিৱসত নটসূৰ্য ফণী শৰ্মালৈ সোণোৱালৰ শ্ৰদ্ধাঞ্জলী

তেওঁ চিৰসেউজ ছবি ‘চিৰাজ’(১৯৪৮) আৰু ‘পিয়লি ফুকন’ (১৯৫৫) পৰিচালনা কৰিছিল।

স্মৃতি দিৱসত নটসূৰ্য ফণী শৰ্মালৈ সোণোৱালৰ শ্ৰদ্ধাঞ্জলী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 July 2020 10:12 AM GMT

আজি ৫০ সংখ্যক স্মৃতি দিৱসত নটসূৰ্য ফণী শৰ্মালৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰবাদপ্ৰতীম নাট্যকাৰ, অভিনেতা তথা পৰিচালকগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জনাই মুখ্যমন্ত্ৰী সোণোৱালে টুইটাৰত কয় যে নটসূৰ্যই কলা আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদান অমূল্য। "মই তেওঁৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলী নিবেদন কৰিলো"- সোণোৱালে এইদৰে কয়। ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰায়ো নটসূৰ্যলৈ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে।

এটা টুইটত তেওঁ কয়, " স্মৃতি দিৱসত সু-নাট্যকাৰ, অভিনেতা, পৰিচালক নটসূৰ্যলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলো। অসমৰ কলা আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেওঁ সদায়ে মহীয়ান হৈ ৰব"। উল্লেখ্য যে ১৯৩৫ত মুক্তিপ্ৰাপ্ত ৰাজ্যৰ প্ৰথমখন চলচ্চিত্ৰ "জয়মতী"তো নটসূৰ্যই অভিনয় কৰিছিল। তদুপৰি তেওঁ চিৰসেউজ ছবি 'চিৰাজ'(১৯৪৮) আৰু 'পিয়লি ফুকন' (১৯৫৫) পৰিচালনা কৰিছিল।

আৰু পঢ়িব পাৰেঃ ক'ৰ'নাঃ অল ইণ্ডিয়া বাৰ কাউন্সিলৰ পৰীক্ষা স্থগিত

Next Story
চাকৰি