Begin typing your search above and press return to search.

কোৱাৰেণ্টিনৰ বাবে ছাত্ৰাবাস অধিগ্ৰহণঃ কটনৰ শিক্ষাৰ্থী সমাজৰ দাবী মানি ল'লে চৰকাৰে

কালি প্ৰশাসনে ২৪ ঘণ্টাৰ ভিতৰত কটনৰ ছাত্ৰাবাস খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰে। ফলত বিবুধিত পৰে ছাত্ৰাবাসসমূহৰ আবাসীসকল।

কোৱাৰেণ্টিনৰ বাবে ছাত্ৰাবাস অধিগ্ৰহণঃ  কটনৰ শিক্ষাৰ্থী সমাজৰ দাবী মানি ললে চৰকাৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 May 2020 3:49 PM GMT

কোৱাৰেণ্টিনৰ বাবে ছাত্ৰাবাস অধিগ্ৰহণঃ কটনৰ শিক্ষাৰ্থী সমাজৰ দাবী মানি ল'লে চৰকাৰে

ৰাজ্য চৰকাৰে মানি ল'লে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ দাবী। তলাবন্ধৰ সময়ত জ্যৰ বাহিৰৰ পৰা অহা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসকে ধৰি একাংশ শিক্ষানুষ্ঠান কোৱাৰেণ্টিনৰ বাবে অধিগ্ৰহণ কৰিছে। কালি প্ৰশাসনে ২৪ ঘণ্টাৰ ভিতৰত কটনৰ ছাত্ৰাবাস খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰে। ইয়াক লৈ বিবুধিত পৰে ছাত্ৰাবাসসমূহৰ আবাসীসকল। ততাকৈয়াকৈ ছাত্ৰাবাস খালী কৰাত সমস্যাৰ সন্মুখীন হোৱাক দোহাই ছাত্ৰাবাসৰ ছাত্ৰ সমাজে অধিক বিচাৰি কৰ্তৃপক্ষৰ ওচৰত আবেদন জনায়। এই সম্পৰ্কত গৌতম নাথ নামৰ ছাত্ৰজনে কয় যে ২৪ ঘণ্টাত ছাত্ৰাবাস খালী কৰিবলগীয়া হ"লে দূৰ-দূৰণীৰ ছাত্ৰ-ছাত্ৰীসকল ভীষণ সমস্যাৰ সন্মুখীন হব। গতিকে তেওঁলোকে ছাত্ৰাবাস এৰাব বাবে প্ৰশাসনৰ ওচৰত অধিক সময় বিচাৰিছে্। পাছত ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধাৰ কথা অনুধাৱন কৰি প্ৰশাসনে ছাত্ৰাবাস খালী কৰাৰ বাবে অতিৰিক্ত ২৪ ঘণ্টাৰ সময় দিয়ে।

Next Story